• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তিনি দিনত আয়কৰ বিভাগৰ ‘জৰীপ’: কাৰ্যালয় এৰা নাই বিবিচিৰ ১০ জ্যেষ্ঠ কৰ্মচাৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2023 1:13 pm
Income Tax Dept in BBC Office
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী আৰু মুম্বাইস্থিত ব্ৰিটেইন মূলৰ আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ আচম্বিত ‘জৰীপ’- এ আজি তিনি দিনত ভৰি দিছে। আয়কৰ বিভাগৰ এই পদক্ষেপৰ পিছৰে পৰা দিল্লীস্থিত কাৰ্যালয়ৰ পৰা বিবিচিৰ ১০ গৰাকী কৰ্মচাৰী বৰ্তমানলৈকে নিজ গৃহলৈ যোৱা নাই বুলি জানিব পৰা গৈছে।

২০০২ চনৰ গুজৰাট সাম্প্ৰদায়িক সংঘৰ্ষ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত সংবাদ সংস্থাটোৱে দুটা খণ্ডৰ তথ্যচিত্ৰ ‘ইণ্ডিয়া: দ্য মোদী কুৱেশ্যন’ সম্প্ৰচাৰ কৰাৰ কিছুদিনৰ পিছতে আয়কৰ বিভাগৰ এই অভিযানে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

কিন্তু আয়কৰ বিভাগে এই পদক্ষেপক অভিযানৰ পৰিৱৰ্তে জৰীপ চলোৱা বুলিহে উল্লেখ কৰিছে। বিভাগীয় বিষয়াসকলে বিবিচিৰ কৰ্মচাৰীসকলৰ পৰা বিত্তীয় তথ্য সংগ্ৰহ কৰি সংবাদ সংস্থাটোৰ নথি-পত্ৰৰ প্ৰতিলিপি তৈয়াৰ কৰিছে বুলি জানিব পৰা গৈছে।

ইফালে বিবিচিয়ে এক বিবৃতিত দৈনন্দিন বাতৰি সচৰাচৰ কৰাৰ দৰে সম্প্ৰচাৰ কৰি আছে বুলি উল্লেখ কৰিছে আৰু বহু কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰি আছে বুলি সদৰী কৰিছে। লগতে আয়কৰ বিভাগৰ এই জৰীপত কাৰ্যালয়ে পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি সংবাদ সংস্থাটোৱে কয়।

উল্লেখ্য যে, মঙলবাৰে পুৱা প্ৰায় ১১:৩০ বজাত দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগে হঠাতে আৰম্ভ কৰিছিল এই অভিযান। প্ৰায় ৫০ ঘণ্টা সময় ধৰি চলি থকা এই অভিযান আৰু কিছু সময়ৰ বাবে চলি থাকিব বুলি কৰ্তৃপক্ষই উল্লেখ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় কৰ আৰু বহুজাতিক নিগমৰ বিভিন্ন শাখাৰ মাজত ধন বিনিয়োগৰ সৈতে জড়িত বিষয়সমূহৰ তদন্তৰ বাবে এই সমীক্ষা চলোৱা হৈছে বুলি বিভাগীয় বিষয়াসকলে জানিবলৈ দিছে। জৰীপ চলোৱা দলটোৱে কাৰ্যালয়ত থকা ইলেক্ট্ৰনিক ডিভাইচৰ পৰা সবিশেষ তথ্যৰ প্ৰমাণ সংগ্ৰহ কৰি আছে বুলি কৰ বিষয়াসকলে সদৰী কৰিছিল।

ইফালে বিবিচিৰ বিৰুদ্ধে কৰ বিভাগৰ এই পদক্ষেপক দেশৰ বিৰোধী দলসমূহে ধিক্কাৰ দি এই কাৰ্যক প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰখনৰ বাবে কৰা ৰাজনৈতিক প্ৰতিশোধ বুলি অভিহিত কৰিছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰ আৰু কৰ বিভাগে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd