লখিমপুৰত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ ১০ গৰাকী ছাত্ৰ-ছাত্ৰী আহত

লখিমপুৰ জিলাৰ লালুকত আজি এখন স্কুল বাছ দুৰ্ঘটনাত পতিত হোৱাত বাছখনত থকা ১০ গৰাকীকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আহত হয়।

প্ৰাপ্ত তথ্য মতে জিলাখনৰ হাৰমতীস্থিত জ্ঞান একাডেমীৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই অনা এ এছ ০১ ডি চি ৯২৯৬ নম্বৰৰ স্কুল বাছখনে আজি নিয়ন্ত্ৰণ হেৰুৱাই লালুক আৰক্ষী থানাৰ অন্তৰ্গত কৰুণাবাৰীত পথৰ পৰা বাগৰি পৰে।

দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় লোকসকলক ততালিকে ঘটনাস্থলীলৈ আহি আঘাটপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসাৰ বাবে লালুক মডেল হস্পিতাললৈ লৈ যায়।

একাংশ লোকৰ মতে লালুক-বিহপুৰীয়া পথত অনিয়ন্ত্ৰিত ৰূপত চলোৱা টেম্পো, অটোৰিক্সা আদিৰ বাবেই উক্ত বাছখন দুৰ্ঘটনাত পতিত হ’বলগীয়া হ’ল।