100 DAYS ৰক্তক্ষয়ী যুদ্ধৰ ১০০ দিন: এতিয়ালৈকে কিমান লোকৰ মৃত্যু ঘটিল ইউক্ৰেইনত?

Moscow: ২৪ ফেব্ৰুৱাৰীৰ অভিশপ্ত দিনটোত ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আৰম্ভ কৰিছিল বিধ্বংসী যুদ্ধ।

ৰাছিয়াৰ ৰকটে আক্ৰমণত তাছপাতৰ ঘৰৰ দৰে খহি পৰিছিল ইউক্ৰেইনৰ বহু অট্টালিকা।

ৰাছিয়াৰ আক্ৰমণৰ প্ৰথম দিনটোতে ইউক্ৰেইনত নিহত হৈছিল অৰ্ধ শতাধিক লোক।

ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধই আজি ১০০ দিনত ভৰি দিলে।

এই ১০০ টা দিনত ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ ২০ শতাংশ অঞ্চলহে নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে সতৰ্ক কৰি দিছে যে পশ্চিমৰ দেশে ইউক্ৰেইনক যুদ্ধক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰি ৰাছিয়াৰ বিৰুদ্ধে ছাঁয়াযুদ্ধ চলাই আছে  ।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি যুদ্ধ আৰম্ভ হোৱাৰ পৰা ইউক্ৰেইনত ৪,১৪৯ জন লোক নিহত আৰু ৪,৯৪৫ জন আহত হৈছে। জেলেনস্কিয়ে দাবী কৰিছে যে ইউক্ৰেইনৰ ২৪৩ টা শিশুৰ মৃত্যু হৈছে। আনহাতে ২ লাখ শিশুক বলপূৰ্বক ৰাছিয়ালৈ লৈ যোৱা হৈছে। ৰাষ্ট্ৰসংঘৰ মতে, বেছিভাগ অসামৰিক লোকৰ ৰকেট আক্ৰমণত মৃত্যু হৈছে।

ইফালে ৰাছিয়া চৰকাৰে দাবী কৰিছে যে দেশ খনৰ ১,৩৫১ জন সৈন্য নিহত হোৱাৰ লগতে আন ৩,৮২৫ জন আহত হৈছে। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা মতে ১৪ নিযুতৰো অধিক লোকে ইউক্ৰেইনৰ পৰা পলায়ন কৰিছে।

পোলেণ্ডে সৰ্বাধিক সংখ্যক ইউক্ৰেইনৰ শৰণাৰ্থীৰ বোজা বহন কৰিবলগীয়া হৈছে বুলি ৰাষ্ট্ৰসংঘৰ সূত্ৰই প্ৰকাশ কৰিছে।