NORTHEAST NOW (Assamese)

চীনক এৰি ভাৰতলৈ আহিব খুজিছে আমেৰিকাৰ ১০০টাকৈ কোম্পানি

April 30, 2020 5:56 pm · এন ই নাও নিউজ

এশটাকৈ আমেৰিকান কোম্পানিয়ে চীন এৰি ভাৰতলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

ক’ভিড-১৯ মহামাৰীৰ পিছতে এই কোম্পানিসমূহে চীন এৰাৰ বাবে যো-জা চলাইছে।

ফিনান্সিয়েল এক্সপ্ৰেছৰ বাতৰি মতে, কোম্পানিকেইটাই তেওঁলোকৰ নতুন স্থান হিচাপে উত্তৰ প্ৰদেশৰ কথা গভীৰভাৱে চিন্তা কৰিছে।

উত্তৰ প্ৰদেশৰ মন্ত্ৰী সিদ্ধাৰ্থ নাথ সিঙৰ লগত মঙলবাৰে কোম্পানিকেইটাই এক ৱেবিনাৰত মিলিত হয়।

ইউনাইটেড ষ্টেটছ-ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ’ৰামে এই আলোচনাৰ আয়োজন কৰিছিল।

কৃষিৰ পৰা আৰম্ভ কৰি দৰৱ, প্ৰতিৰক্ষালৈকে বিভিন্ন ক্ষেত্ৰত এই কোম্পানিসমূহ আগবাঢ়ি আহিছে।

কোম্পানিকেইটাৰ মাজত লকহীড মাৰ্টিন, এড’ব, হানিৱেল, বষ্টন চায়েণ্টিফিক, চিচক’ চিষ্টেমছ, ফেডএক্স, ইউপিএছৰ দৰে কোম্পানিও আছে।

উত্তৰ প্ৰদেশত বিনিয়োগৰ সুবিধাৰ বিষয়ে আমি তেওঁলোকৰ সৈতে আলোচনা কৰো আৰু জনাও যে ৰাজ্যখনত ৯০ লাখ এম এছ এম ই আৰু দক্ষ শ্ৰমিক আছে। ৰাজ্যত এখন সুস্থিৰ চৰকাৰৰ লগতে পথ, পানী যোগান, জলসিঞ্চন আৰু ২৪ ঘণ্টাই বিজুলীৰ জৰিয়তে এক দৃঢ় আন্তঃগাঁথনি সৃষ্টিৰে দেশৰ ডাঙৰ ৰাজ্যসমূহৰ ভিতৰত বিকাশৰ দিশত উত্তৰ প্ৰদেশ আগশাৰীত আছে,” মন্ত্ৰী সিঙে কয়।

উল্লেখযোগ্য যে শেহতীয়াকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছে সৃষ্টি কৰা সংকটক সুযোগলৈ পৰিৱৰ্তন কৰিবলৈ ৰাজ্যসমূহক আহ্বান জনাইছিল।

এইক্ষেত্ৰত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে তাৰ পূৰ্বেই কোম্পানিসমূহক আকৰ্ষিত কৰাৰ বাবে মন্ত্ৰীৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছিল।

Related News