ৰাজ্যত ১০০০ খন ই-বিদেশী ন্যায়াধীকৰণ স্থাপনৰ পৰিকল্পনাত চূড়ান্ত ৰূপ কেন্দ্ৰৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশৰ পিছত নিষ্পত্তি কৰিবলগীয়া গোচৰৰ বাবে চৰকাৰে অসমত ১০০০ খন বিদেশী ন্যায়াধীকৰণ স্থাপনৰ পৰিকল্পনা চূড়ান্ত কৰিছে।

প্ৰাপ্ত তথ্য মতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সচিব বি আৰ শৰ্মাই অসম চৰকাৰে দিয়া ই-বিদেশী ন্যায়াধিকৰণ আৰু ১০০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপনৰ প্ৰস্তাৱটো আলোচনাৰ্থে যোৱা সপ্তাহত বৈঠকত বহিছিল।

ঘোষিত অবৈধ প্ৰব্ৰজনকাৰীৰ বাবে ই-বিদেশী ন্যায়াধীকৰণ স্থাপনৰ বাবে অসম চৰকাৰে দিয়া প্ৰস্তাৱটোত অনুমোদন জনোৱাৰ প্ৰক্ৰিয়াও কেন্দ্ৰই আৰম্ভ কৰিছে।

আনহাতে অসম চৰকাৰে ইতিপূৰ্বে সদৰি কৰা মতে প্ৰথম পৰ্যায়ত ২০০ খন বিদেশী ন্যায়াধিকৰণৰ সদস্য পদ পূৰণৰ বাবে ১৫ জুলাইৰ পৰা সাক্ষাৎকাৰ গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ২০ আগষ্টৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’ব। নতুনকৈ বাছনি হোৱা সদস্যসকলে ১ ছেপ্টেম্বৰৰ ভিতৰত যোগদান কৰিব লাগিব।

এই ক্ষেত্ৰত ২৯ মে’ত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব গৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (ন্যায়িক) লৈ প্ৰেৰণ কৰা এখন পত্ৰত অতিৰিক্ত ন্যায়াধীকৰণৰ বাবে সদস্য নিযুক্তিৰ ক্ষেত্ৰত প্ৰয়োজনীয় অৰ্হতা আৰু বয়সৰ সীমা আদি প্ৰকাশ কৰিছে। এই সদস্যসকলৰ অৱসৰৰ বয়স হ’ব ৬৭ বছৰ।