বঢ়মপুৰ প্ৰেছ ক্লাবৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসত ১০০০টা গছপুলি বিতৰণ

‘সেউজী ধৰণী ধুনীয়া’ আদৰ্শৰে অনুপ্ৰাণিত হৈ নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাবে আজি বৃক্ষ ৰোপন কাৰ্যসূচীৰে তেওঁলোকৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ইয়াৰ সৈতে সঙ্গতি ৰাখি বিগত বৰ্ষসমুহৰ দৰে এইবাৰো এক বিস্তৃত কাৰ্যসূচীৰে সমগ্ৰ অঞ্চলটোত ১০০০ মূল্যবান গছপুলি বিতৰণ কৰে।

গছপুলি বিতৰণৰ সময়ত ‘এক বৃক্ষ দশ গুণী পুত্ৰৰ সমান’, ‘গছক কৰিবা যতন, সময়ত মিলিব ৰতন’  শ্ল’গানেৰে জন মানসত সজাগতা সৃষ্টিৰ বাবে লোৱা কাৰ্যসূচীয়ে ব্যাপক সহাৰি লাভ কৰা দেখা যায়।

এই উপলক্ষে আয়োজিত এখন সভাত অংশগ্ৰহণ কৰে নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক কনকচন্দ্ৰ হাজৰিকা প্ৰমূখ্যে কেইবাগৰাকী সাংবাদিক, জিলা বন বিষয়া, স্থানীয় কবি-শিল্পী তথা অঞ্চলৰ গণ্য-মান্য ব্যক্তিয়ে।

জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱ বৰ্মনে সভাপতিত্ব কৰা ৰাজহুৱা সভাখনত সমষ্টিটোলৈ গৌৰৱ কঢ়িয়াই অনা বঢ়মপুৰৰ দুই ছাত্ৰ অংকুৰ ৰাজ কাশ্যপ আৰু দীপ শইকীয়াক সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰতে ক্ৰমে সপ্তম আৰু অষ্টম স্থান লাভ কৰাৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়।