NORTHEAST NOW (Assamese)

ভঙা-ছিঙা বস্তু বিক্ৰী কৰি ১০২ কোটি টকা : ষ্টেশ্যন চাফা কৰি বিপুল লাভ ভাৰতীয় ৰে’লৱেৰ

March 19, 2025 1:10 pm · এন ই নাও নিউজ, গুৱাহাটী

পুৰণি বস্তুবোৰ অচল হ’লেও পুৰণি বস্তুৰ প্ৰতি মানুহৰ আগ্ৰহ সদায় বেছি। সেই কথাই প্ৰমাণিত হ’ল ভাৰতীয় ৰ’লৱেৰ এক পদক্ষেপত।

এটা ষ্টেশ্যনৰ ভঙা-ছিঙা তথা পুৰণি বস্তু নিলাম কৰি ভাৰতীয় ৰেলৱেই উপাৰ্জন কৰিলে ১০২ কোটি টকা।

দক্ষিণ চেণ্ট্ৰেল ৰে’লৱেই সদৰী কৰা মতে, ২০২৪-২৫ বিত্তীয় বৰ্ষত বিজয়াৱাড়া ৰে’ল বিভাগে এই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছে কেৱল ৰে’ল লাইনৰ টুকুৰা, ভঙা চিগনেল, পুৰণি টেলিফোন, লোহাৰ টুকুৰা আদিকে ধৰি বিভিন্ন পৰিত্যক্ত ধাতুৰ বস্তুৰ পৰা।

সোমবাৰে দক্ষিণ কেন্দ্ৰীয় ৰে’লৱেৰ ডি আৰ এমে এক বিবৃতিত কয় যে, “বিজয়াৱাড়া বিভাগে এই বছৰ ই-নিলামৰ জৰিয়তে ১৮,৯০৮ মেট্ৰিক টন স্ক্ৰেপ মেটেৰিয়েল বিক্ৰী কৰিছে। এই অভিলেখে অনাগত দিনত ৰে’লৱেক অনুপ্ৰেৰণা যোগাব।

জানিব পৰা মতে ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত ৭৯ কোটি টকাৰ ক্ষতিগ্ৰস্ত সামগ্ৰী নিলাম কৰা হৈছে। ডি আৰ এমৰ মতে, বিত্তীয় বৰ্ষ শেষ হোৱাৰ তিনিমাহ আগতে বিজয়াৱাড়া বিভাগে এই অভিলেখ সৃষ্টি কৰিছে।

ভাৰতীয় ৰেলৱেই আৰম্ভ কৰিছে ‘জিৰ’ স্ক্ৰেপ মিছন’ অৰ্থাৎ আৱৰ্জনামুক্ত ৰে’ল বিভাগ। সেই পদক্ষেপত সফল হৈছে দক্ষিণ মধ্য ৰেলৱেৰ বিজয়াৱাড়া সংমণ্ডল।এনে পদক্ষেপৰ লগে লগে পুৰণি বস্তুৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ৰে’ল শ্ৰমিকৰ সতৰ্কতা ৰাতিটোৰ ভিতৰতে বৃদ্ধি পাইছে। সময়ৰ লগত সংগতি ৰাখি ভাৰতীয় ৰে’লৱে ৰাজহ বৃদ্ধি কৰিছে।

Related News