NORTHEAST NOW (Assamese)

ভঙা পুৰণি বস্তু বিক্ৰী কৰি বিনিময়ত পালে ১০২ কোটি টকা! ৰেল’ৱে কোনটো সংমণ্ডলে গোটালে এই ধন?

March 19, 2025 8:24 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 19, 2025 8:25 pm

শেহতীয়াকৈ পুৰণি ভঙা বস্তু নিলাম কৰি ভাৰতীয় ৰেলৱেই ১০২ কোটি টকা উপাৰ্জন কৰিছে। অলপ আচৰিত যেন লাগিলেও কিন্তু এয়া বাস্তৱ।

দক্ষিণ চেণ্ট্ৰেল ৰেলৱে’ই জনাইছে যে, ২০২৪-২৫ বিত্তীয় বৰ্ষত বিজয়াৱাড়া ৰেল বিভাগে এই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছে কেৱল ৰেল লাইনৰ টুকুৰা, ভঙা চিগনেল, পুৰণি টেলিফোন, লোহাৰ টুকুৰা আদিকে ধৰি বিভিন্ন ধাতুৰ বস্তুৰ পৰা।

প্ৰথমবাৰৰ বাবে এটা বিত্তীয় বৰ্ষত ১০২ কোটি টকাৰ ৰাজহ আহৰণ কৰা হয়। যিটো এতিয়াও অভিলেখ। সোমবাৰে দক্ষিণ কেন্দ্ৰীয় ৰেলৱেৰ ডি আৰ এমে এক বিবৃতিত কয় যে, ‘বিজয়াৱাড়া বিভাগে এই বছৰ ই-নিলামৰ জৰিয়তে ১৮,৯০৮ মেট্ৰিক টন স্ক্ৰেপ মেটেৰিয়েল বিক্ৰী কৰিছে। এই অভিলেখে অনাগত দিনত ৰেলৱেলৈ অতিৰিক্ত ধনৰ যোগান ধৰিব।’

জানিব পৰা মতে, ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত ৭৯ কোটি টকাৰ ক্ষতিগ্ৰস্ত সামগ্ৰী নিলাম কৰা হৈছে। ডি আৰ এমৰ মতে, বিত্তীয় বৰ্ষ শেষ হোৱাৰ তিনিমাহ আগতে বিজয়াৱাড়া বিভাগে এই অভিলেখ সৃষ্টি কৰিছিল। ভাৰতীয় ৰেলৱেই আৰম্ভ কৰিছে জিৰস্ক্ৰেপ মিছনঅৰ্থাৎ আৱৰ্জনামুক্ত ৰেল বিভাগ। আৰু সেই পদক্ষেপত সফল হৈছে দক্ষিণ মধ্য ৰেলৱেৰ বিজয়াৱাড়া সংমণ্ডল।

Related News