Inspiration for Life ১০৪বছৰ বয়সত পৰীক্ষা দি ১০০ৰ ভিতৰত ৮৯ নম্বৰেৰে চমক দিলে এইগৰাকী আইতাই

WhatsApp Image 2021-11-16 at 9.15.37 AM

Inspiration for Life সাধাৰণতে সকলোৱেই আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি কেৰিয়াৰ আৰম্ভ কৰাৰ লগে লগেই শিক্ষা জীৱনক বিদায় দিয়াৰ প্ৰস্তুতি চলায়। কিন্তু শিক্ষাৰ বাবে জানো কোনো বয়স থাকে?

নাথাকে। বিচাৰিলে কোনোৱে ১০০ বছৰ বয়সতো একাত্মভাৱে পঢ়াশুনা কৰিব পাৰে। কেৰালাৰ এগৰাকী আইতাই সেয়া প্ৰমান কৰি দেখুৱালে।

কেৰালাৰ এই আইতা গৰাকীয়ে ১০৪বছৰ বয়সত পৰীক্ষা দি ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰি একপ্ৰকাৰ সকলোকে চমক দিয়ে।

ৰাজ্যখনৰে নহয়, দেশ-দেশান্তৰৰ বাবে অনন্য দৃষ্টান্ত দাঙি ধৰিলে কেৰালাৰ কুট্টিয়াম্মাই। কেৰালাৰ ৰাজ্যিক সাক্ষৰতা অভিযানৰ পৰীক্ষাত এই সাফল্যৰে সকলোৰে বাবে অনুপ্ৰেৰণা হৈ উঠিল আইতা কুট্টিয়াম্মা।

Also Read: Hardik Pandya বিমানবন্দৰত হাৰ্দিক পাণ্ডিয়াৰ ৫কোটি টকাৰ দুটা বিলাসী ঘড়ী জব্দ কৰিলে কাষ্টমছে

ৰাজ্যখনৰ শিক্ষা আৰু শ্ৰম বিভাগৰ মন্ত্ৰী বাসুদেবন শিবনকুট্টিয়ে আইতাগৰাকীৰ এই সাফল্যৰ কথা টুইটাৰত শ্বেয়াৰ কৰিছে। পৰীক্ষাত ইমান নম্বৰ পোৱাৰ বাবে শুভেচ্ছা জনাইছে মন্ত্ৰীগৰাকীয়ে।

কেৰালা চৰকাৰৰ সাক্ষৰতা অভিযান এক অভিলেখ সৃষ্টিকাৰী প্ৰচেষ্টা হিচাপে জনাজাত। সেই প্ৰচেষ্টাৰ যাত্ৰাত নতুন মাত্ৰা যোগ দিলে আইতা কুট্টিয়ামাই।

সাক্ষৰতা প্ৰসাৰৰ বাবে কেৰালা চৰকাৰে সকলো স্তাৰতে পৰীক্ষাৰ আয়োজন কৰি আহিছে। স্কুল পৰ্যায়ৰ বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন থাকে এই পৰীক্ষাত। সেই পৰীক্ষাতে চমকি উঠিল ১০৪ বছৰীয়া আইতা কুট্টিয়াম্মা।