‘কৃষি-২০২২’ অনুষ্ঠানলৈ আমন্ত্ৰিত অসমৰ বঙাইগাঁও জিলাৰ কৃষক গাজিউৰ ৰহমান

Agri-Conference

বঙাইগাঁও জিলাৰ লগতে ৰাজ্যিক ভিত্তিত চৰকাৰীভাৱে স্বীকৃতি লাভ কৰা আদৰ্শ কৃষক গাজিউৰ ৰহমানে কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰণালয়ৰ পৰা লাভ কৰিছে বিশেষ আমন্ত্ৰণ।

কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ৰ সৌজন্যত  আজিৰ পৰা ২০ ফেব্ৰুৱাৰিলৈ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া ‘ভাৰতৰ কৃষি-২০২২’ শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ মুখ্য কাৰ্যবাহী ৰাজপত্ৰিত বিষয়া অশোক দালৱাই গাজিউৰলৈ চৰকাৰীভাৱে আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে।

উক্ত আলোচনা-চক্ৰৰ কাৰ্যসূচী অনুসৰি নতুন দিল্লীৰ পিছত উক্ত দুয়োদিনত পৰ্যায়ক্ৰমে দেশৰ প্ৰগতিশীল কৃষকৰ লগত ভাগে ভাগে হ’বলগীয়া  ৭খন ব’ৰ্ডত নিদিৰ্ষ্ট কৃষক সংস্থা, কৃষি বিজ্ঞানী, অৰ্থনীতিক, উদ্যোগপতি-বাণিজ্য সংস্থা, নীতি নিৰ্ধাৰক আদিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ আমোলাই অংশগ্ৰহণ কৰিব।

আনহাতে ২০ ফেব্ৰুৱাৰীত দিনৰ ২.৩০ বজাৰ পৰা ৪.১৫ বজালৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া উদ্ভাৱনীমূলক সভাত অন্যান্য কৃষকৰ লগতে বঙাইগাঁৱৰ মাণিকপুৰ ডোমপাৰাৰ (পুন্তিবাৰী) ৪৯ বছৰীয়া কৃষক গাজিউৰ ৰহমানে অংশগ্ৰহণ কৰিব।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বৰ্তমানৰ চিৰাং জিলাৰ আমগুৰিৰ শিমলাবাৰী গাঁৱত জন্মগ্ৰহণ কৰা গাজিউৰ ৰহমানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা সময়ৰ আহ্বানত পিতৃ মোফাজ্জল মণ্ডলৰ (প্ৰয়াত) কৃষি কাৰ্যত সহায় কৰিবলৈ ধৰে।

পৰিস্থিতিত জন্মগাঁও চিৰাঙৰ আমগুৰি ১৯৯৩ চনতে এৰি বঙাইগাঁও জিলাৰ মাণিকপুৰ ডোমপাৰাত বসতি কৰিবলৈ লৈ পৰ্যায়ক্ৰমে কৃষিকাৰ্যত নতুনত্ব আনি কৃষি বিভাগৰ দিহা-পৰামৰ্শৰে জৈৱিক পদ্ধতিৰে আলু, ধান, সৰিয়হকে ধৰি প্ৰতিটো বতৰৰ উপযোগী কৃষিকৰ্মত লাগি সফলতা লাভ কৰে।

স্মৰ্তব্য যে বাংলাদেশৰ পৰা উন্নত জাতৰ থাইলেণ্ডমূলীয় বগৰীৰ পুলি আনি বিশেষ সফলতা লাভ কৰা গাজিউৰক ২০১৩ চনত কৃষি বিভাগে বঙাইগাঁও জিলাৰ শ্ৰেষ্ঠ কৃষকৰ বটাঁ, ২০১৭ চনত ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ কৃষকৰ বঁটা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এইজনা কৃষকে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ আলোচনাচক্ৰলৈ আমন্ত্ৰণ লাভ কৰাত অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে।