যোৰহাট জিলাৰ তিতাবৰত এটা হৰিণাৰ মৃতদেহ উদ্ধাৰ

ফটো : নৰ্থ-ইষ্ট নাও

আজি যোৰহাট জিলাৰ তিতাবৰত এটা হৰিণা পহুৰ মৃতদেহ উদ্ধাৰ হৈছে। এই মৃত হৰিণা পহুটো তিতাবৰৰ শলগুৰি বৰপাচি গাঁৱৰ পৰা উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা লোকালয়লৈ ওলাই অহা পহুটোক দুৰ্ভাগ্যজনকভাৱে এটা কুকুৰৰ দলে আক্ৰমণ কৰে। কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা হৰিণাটোৰ কিছু সময় পাছতেই মৃত্যু ঘটে।

মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলত বন বিভাগৰ লোক উপস্থিত হৈ হৰিণাটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। হৰিণাটোৰ বয়স প্ৰায় ৬ বছৰ আৰু ওজন ৩০ কেজি বুলি বন বিভাগৰ বিষয়াই জানিবলৈ দিয়ে।

ইফালে মৰণোত্তৰ পৰীক্ষাৰ অন্তত গিবন অভয়াৰণ্যত হৰিণাটোক দাহ কৰিব বুলি বন বিভাগৰ দলটোৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

খাদ্যৰ অভাৱত পৰি বনৰ পৰা ওলাই অহা হৰিণাটোৰ মৃত্যুত স্থানীয় লোকে শোক প্ৰকাশ কৰিছে।