হায় ন্যায় ব্যৱস্থা! ৫৩ বছৰ ন্যায়ৰ অপেক্ষাত কটাই জীৱন সামৰিলে ১০৮বছৰীয়া ব্যক্তিয়ে

Representative image

প্ৰতিনিধিত্বমূলক ফটো।

কোৱা হয় যে ভাৰতৰ ন্যায় ব্যৱস্থা যথেষ্ট লেহেমিয়া। আদালতত একোটা অভিযোগ অথবা আবেদন জমা দিয়াৰ পাছত ৰায়ৰ বাবে বছৰৰ পাছত বছৰ ধৰি অপেক্ষা কৰিব লগা হ’ব পাৰে।

বিশেষকৈ দেশৰ ভিতৰুৱা গ্ৰাম্যাঞ্চলৰ লোকসকলে এই অৱস্থাৰ সন্মুখীন হৈ অহাটো সাধাৰণ কথা।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ এজন লোকৰ বাতৰিয়ে দেশৰ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা দেখা গৈছে।

ৰাজ্যখনৰ ভিতৰুৱা অঞ্চল এটাৰ বাসিন্দা সপান নৰসিংহ গাইকোৱাড নামৰ এজন লোকে ১৯৬৮ চনতে ভূমিবিবাদ সম্পৰ্কীয় এটা মামলাত জড়িত হৈ পৰিছিল।

১৯৬৮ চনত এখন স্থানীয় আদালতত তেওঁ ভূমি বিবাদটোৰ গোচৰৰ আবেদন কৰিছিল। তাৰ পাছৰ পৰ্যায়ত আবেদনটো ১৯৮৮ চনত বম্বে হাইকোৰ্টলৈ প্ৰেৰণ কৰা হয়, কিন্তু ২০১৫ চনত ২৭ বছৰ ধৰি কেইবাটাও শুনানিৰ পাছত উচ্চ ন্যায়ালয়ে গোচৰৰ আবেদন খাৰিজ কৰে।

ইয়াৰ পাছতে লোকজনে ২০১৫ চনৰ অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। অৱশেষত ৫৩ বছৰৰ পাছত, উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ ১২ জুলাই তাৰিখে শুনানিৰ বাবে মান্তি হয়।

উচ্চতম ন্যায়ালয়ে ভূমি বিবাদটোৰ আনটো পক্ষৰ প্ৰতিক্ৰিয়াও আঠ সপ্তাহৰ ভিতৰতে জমা দিবলৈ গোহাৰি জনাইছে।

কিন্তু গাইকোৱাডৰ আইনী উপদেষ্টা বিৰাজ কদমে সংবাদ মাধ্যমক জনায় যে লোকজন বৰ্তমান জীৱিত অৱস্থাত নাই।

অতি আশ্বৰ্যজনকভাৱে উচ্চতম ন্যায়ালয়ে গোচৰটোৰ শুনানিৰ গ্ৰহণৰ সিদ্ধান্ত লোৱাৰ কিছু ক্ষণ পূৰ্বেই ১০৮ বৰ্ষীয় গাইকোৱাডৰ মৃত্যু হয়।

আইনী উপদেষ্টাগৰাকীয়ে জনোৱা মতে, ১২ জুলাই তাৰিখে শুনানিৰ সিদ্ধান্তৰ কিছু সময়ৰ পাছতহে তেওঁ মৃত্যুৰ খবৰ মহাৰাষ্ট্ৰৰ ভিতৰুৱা অঞ্চলটোৰ পৰা লাভ কৰা হয়।

গাইকোৱাডৰ মৃত্যুৰ পাছত এতিয়া তেওঁৰ বৈধ উত্তৰাধিকাৰীয়ে গোচৰটোৰ শুনানি লাভ কৰিব পাৰিব।