NORTHEAST NOW (Assamese)

ৰাজ্যত নতুনকৈ ১০৯৩গৰাকী কোভিড-১৯ পজিটিভ; গুৱাহাটীত আক্ৰান্ত ৪৪৮গৰাকী

July 21, 2020 6:43 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যখনত সোমবাৰে নতুনকৈ আৰু ১০৯৩গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

ইয়াৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে ৪৪৮ গৰাকী।

ইয়াৰ লগে লগে ৰাজ্যত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ২৫০৯২গৰাকীলৈ বৃদ্ধি পালে।

এক টুইটৰ যোগে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই কথা।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যত বৰ্তমানে ৭,৯৩৬গৰাকী আক্ৰান্তৰ শৰীৰত কোভিড-১৯ ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে কোভিডমুক্ত হৈছে ১৭,০৯৫ গৰাকী আক্ৰান্ত।

স্বাস্থ্য মন্ত্ৰীয়ে জনোৱা অনুসৰি ৰাজ্যত বৰ্তমানলৈকে ৫৮ গৰাকী কোভিড-১৯ আক্ৰান্ত লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে সোমবাৰে ৰাজ্যখনত ২০,০০০তকৈয়ো অধিক পৰীক্ষা সম্পন্ন কৰা হৈছে।

সেইদৰে ৰাজ্যখনত দৈনিক পজিটিভৰ হাৰ হৈছে মাত্ৰ ৫শতাংশ।

ৰাজ্যখনত দেওবাৰে ১০১৮গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

ইয়াৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছিল ৫৭৭ গৰাকী।

ইপিনে, শনিবাৰে ৰাজ্যখনত ১১১৭গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল। ইয়াৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছিল ৫১৫ গৰাকী।

সেইদৰে, শুকুৰবাৰে ৰাজ্যখনত ১২১৮গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল আৰু ইয়াৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছিল ৫৭০ গৰাকী।

আনহাতে, ৰাজ্যখনত বৃহস্পতিবাৰে ৮৯২গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

ইয়াৰ ভিতৰত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ১৮৪ গৰাকী আছিল।

উল্লেখ্য যে, ভাইৰাছবিধ সক্ৰিয় হৈ থকা আক্ৰান্তসকলক ৰাজ্যৰ বিভিন্ন কোভিড চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

সেইদৰে, সুস্থ হৈ উঠা কোভিড-১৯ আক্ৰান্তসকলক কোভিড চিকিৎসালয়ৰ পৰা মুক্ত কৰা হৈছে।

প্ৰণিধানযোগ্য যে জুলাই মাহত ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Related News