কলিয়াবৰত কোভিড-১৯ত নতুনকৈ আক্ৰান্ত ১১ জন লোক

covid-19-750x375

কলিয়াবৰত  কোভিড-১৯ত নতুনকৈ আক্ৰান্ত হৈছে  ১১ জন লোক ।

জখলাবন্ধা চিকিৎসালয় আৰু জখলাবন্ধা চিকিৎসালয়ৰ সৈতে জড়িত অন্য ৪ টা কোভিড টেষ্ট কেন্দ্ৰত আজি ১০ জন লোক আক্ৰান্ত হয় কোভিডত।

ইফালে চিমনাবস্তি চিকিৎসালয়ৰ কোভিড চেন্টাৰৰ সৈতে জড়িত আন চাৰিটা কোভিড টেষ্ট কেন্দ্ৰত কৰা টেষ্টত ১ জন লোক আক্ৰান্ত হয় কোভিডত।

আজি আক্ৰান্ত ১১ জনক বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে।

এই পৰ্যন্ত কলিয়াবৰত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৩৫ লৈ বৃদ্ধি পালে। সুস্থ হৈ উঠিছে- ৩৬ গৰাকী, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯৯ গৰাকী।