NORTHEAST NOW (Assamese)

আইনষ্টাইন, হকিঙতকৈও উন্নত ‘IQ’! এঘাৰ বৰ্ষীয় ব্ৰিটিছ শিশুৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ

November 14, 2022 5:08 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠতম মগজুৰ অধিকাৰী হিচাপে যোৱা শতিকাৰ পৰাই পৰিচিত হৈ আহিছে দুই কিংবদন্তী বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আৰু ষ্টিফেন হকিং। দুয়োগৰাকী বিজ্ঞানীৰ আনুমানিক IQ ১৬০ আছিল বুলি কোৱা হয়।

কিন্তু এই দুই শ্ৰেষ্ঠতম বিজ্ঞানীক অতিক্ৰম কৰি সম্প্ৰতি সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে এটি মাত্ৰ ১১ বৰ্ষীয় শিশুৱে। ব্ৰিটেইনৰ এই শিশুটিয়ে আইনষ্টাইন আৰু হকিঙতকৈও অধিক IQ লাভ কৰি স্তম্ভিত কৰি তুলিছে বিশ্ব সম্প্ৰদায়ক।

১১ বৰ্ষীয় এই ছাত্ৰগৰাকীৰ নাম হৈছে ইউছুফ শ্বাহ। শ্বাহে মেনছা পৰীক্ষাত ১৬২ নম্বৰৰ IQ স্তৰ অৰ্জন কৰি চমক সৃষ্টি কৰিছে।

ইউছুফ শ্বাহ নামৰ এই শিশুটি ব্ৰিটেইনৰ লিডছৰ উইগটন মোৰ প্ৰাথমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।

য়ৰ্কশায়াৰ ইভিনিং পোষ্টৰ সৈতে বাৰ্তালাপ কৰি শ্বাহে কয়, “বিদ্যালয়ৰ সকলোৱে ভাবে যে মই অতি স্মাৰ্ট। মই সদায়ে পৰীক্ষা দিয়া লোকসকলৰ শীৰ্ষ ২ শতাংশ লোকৰ ভিতৰত মই স্থান পাম নে, সেয়া জানিব বিচাৰিছিলো।”

শ্বাহৰ পিতৃয়ে সন্তানৰ এই কৃতিত্ব সন্দৰ্ভত কয় যে তেওঁলোকে আন যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ দৰেই এই পৰীক্ষাটোৰ বাবেও প্ৰস্তুতি কৰিছিল।

নিজ সন্তান ইউছুফ শ্বাহৰ IQ পৰীক্ষাৰ বাবে বেলেগকৈ কোনো নিৰ্দিষ্ট প্ৰস্তুতি নাছিল বুলি তেওঁ লগতে কয়।

অৱশ্যে এই অভূতপূৰ্ব সাফল্য অৰ্জন কৰিলেও পৰীক্ষাৰ এটা শাখাত ইউচুফে তিনি মিনিটত ১৫ টা প্ৰশ্নৰ উত্তৰ দিয়াৰ কথা আছিল যদিও বিফল হয়।

১৫ মিনিটৰ ঠাইত ভুলকৈ ১৩ মিনিট বুলি শুনাৰ বাবে তেওঁ বিফল হয় বুলি জানিব পৰা গৈছে। অৱশ্যে ১৩ মিনিট সময় লৈছিল যদিও তেওঁ শীৰ্ষ স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে বিশ্বৰ নৱ চাঞ্চল্য হিচাপে পৰিগণিত হোৱা ইউছুফে ভৱিষ্যতে কেমব্ৰিজ বা অক্সফৰ্ড বিশ্ববিদ্যালয়ত গণিত অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছে।

Related News