নভঙাকৈ স্থানান্তৰিত হ’ব পুৰণিগুদামৰ ১১২ বছৰীয়া সু-উচ্চ ঐতিহাসিক মছজিদৰ ‘মিনাৰ’

Puranigudam Minar

ফটো : নৰ্থ-ইষ্ট নাও

হিন্দু-মুছলমানৰ জাউতিযুগীয়া সম্প্ৰীতিৰ ধ্বজাবাহক হিচাবে গৌৰৱময় ইতিহাস সামৰি আজিও শিৰ উচ্চ কৰি নগাঁও জিলাৰ পুৰণিগুদামৰ ন আলিমুৰৰ বৰ মছজিদত ঠিয় হৈ আছে শত বছৰ গৰকা সুউচ্চ মিনাৰটো।

১৯০৯ চনতে স্থানীয় এগৰাকী ইছলাম ধৰ্মাৱলম্বী মহিলাৰ আৰ্থিক সাহায্যৰে বাংলাদেশৰ এজন প্ৰসিদ্ধ ৰাজমিস্ত্ৰীয়ে কামাখ্যা মন্দিৰ আৰু ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা দুখলপীয়া মিনাৰটোৱে বৃহত্তৰ পুৰণিগুদামবাসীৰ মাজত থকা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ চানেকি বছৰ-বছৰ ধৰি বহন কৰি আহিছিল যদিও শেহতীয়াকৈ মিনাৰটোৰ সমীপৰে পাৰহৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাক চাৰিলেনলৈ সম্প্ৰসাৰণ কৰিবলৈ লোৱাত চূড়ান্ত ভাবুকি কঢ়িয়াই আনিছিল ঐতিহাসিক মিনাৰটোলৈ।

নিৰ্দিষ্ট সময়ৰ ভিতৰত উচ্ছেদৰ বাবে চৰকাৰী বিভাগে জাননী জাৰি কৰাৰ পিছত ১১২টা বছৰ গৰকা ঐতিহাসিক মিনাৰটো সংৰক্ষণৰ বাবে স্থানীয় হিন্দু-মুছলমান উভয় সমাজ চিন্তিত হৈ পৰিছিল। চৰকাৰী পক্ষৰ নিৰ্লিপ্ততাৰ বাবেই নিঃশেষ হোৱাৰ উপক্ৰম হৈছিল বৰমছজিদৰ স্থাপত্য কলাৰ নিদৰ্শন স্বৰূপ পকী মিনাৰটো।

কিন্তু সকলো চিন্তিত হৈ থকা সময়তে ঐতিহাসিক মিনাৰটো সংৰক্ষণৰ বাবে আগবাঢ়ি আহিল যোৰহাটৰ এজন উদীয়মান কাৰিকৰী যুৱক। উজনিৰ পৰা নামনিলৈ যাওঁতে ৰাজপথৰ দাঁতিতে সততে প্ৰত্যক্ষ কৰা মিনাৰটো নিঃচিহ্ন হোৱাৰ উপক্ৰম ঘটা বুলি ফেচবুকৰ জৰিয়তে জানিব পাৰি বিনামূলীয়াকৈ অক্ষত অৱস্থাত নিৰাপদে আন ঠাইলৈ স্থানান্তৰিত কৰিবলৈ আগবাঢ়ি আহিল যোৰহাটৰ ৱাকিল আহমেদ নামৰ কাৰিকৰী দিশত বিচক্ষণ যুৱকজন।

বিশেষ থলুৱা প্ৰযুক্তিৰে সু-উচ্চ মিনাৰটোক দাঙি আনি প্ৰায় ৬০ ফুট আঁতৰত পুনঃসংস্থাপন কৰাটো অসমৰ ইতিহাসত সম্ভৱত প্ৰথম হ’ব বুলি জানিবলৈ দিয়ে যুৱকজনে। ইফালে ৱাকিল আহমেদৰ নেতৃত্বত ইতিমধ্যেই মিনাৰ স্থানান্তৰকৰণৰ কাম বৰমছজিদৰ চৌহদত ক্ষীপ্ৰতাৰে আৰম্ভও হৈছে।

যুৱকজনৰ মতে সকলো ঠিকে থাকিলে মাত্ৰ ৬০ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব সমগ্ৰ স্থানান্তৰকৰণৰ প্ৰক্ৰিয়া।

উল্লেখ্য যে, কেৱল ৰাজ্যতে নহয় দেশৰ ভিতৰতে পূৰ্বতে নোহোৱা এই কাৰ্যটো যাতে সুকলমে সমাপন কৰিব পৰা যায় তাৰ বাবে এতিয়া নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে সমূহ অসমবাসীৰ পৰা আশীষ বিচাৰিছে বৃহত্তৰ পুৰণিগুদামৰ হিন্দু-মুছলমান উভয় সমাজে।