দৰিদ্ৰ ৰোগীৰ বাবে সুখবৰ; অব্যৱহৃত ঔষধ ব্যৱহাৰ এণ্ড্ৰইড এপ্ নিৰ্মাণ ১১ বছৰীয়া কিশোৰৰ

1021bcc1b160c36d0e5fca2686905931a

যুৱৰাজ শ্বাহ, ফ'টো উৎস- ইন্টাৰেনট

যুৱৰাজ শ্বাহ নামৰ কলকতাৰ এটি ১১ বছৰীয়া কিশোৰে দৰিদ্ৰ ৰোগীক সকাহ দিব পৰাকৈ অব্যৱহৃত অতিশয় ব্যয় বহুল ঔষধ ব্যৱহাৰ এটি এণ্ড্ৰইড এপ্লিকেশ্যন তৈয়াৰ কৰিছে।

ব্যয়বহুল ঔষধ ব্যয় কৰিবলৈ অসমৰ্থ ৰোগী তথা পৰিয়ালসকলক এই এণ্ড্ৰইড এপ্লিকেশ্যনে সহায় কৰিব বুলি আশা কৰা হৈছে।

ভাৰতবৰ্ষত দেখা যায় যে চৰকাৰী চিকিৎসালয়ত ঔষধ বিতৰণৰ চৰকাৰী আঁচনি থাকিলেও সেই ব্যৱস্থাত যথেষ্ট চৰকাৰী আৰু কাৰিকৰী কেৰোণ থকাৰ বাবে দুখীয়া ৰোগীসকল উপকৃত হ’ব পৰা নাই।

সেইসকল ৰোগীয়ে ব্যক্তিগত মালিকাধীন ব্যৱসায়িক ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰাৰ ক্ষমতা নথকাৰ ফলত ঔষধৰ অভাৱত বহু আহুকালত পৰে।

এই সমস্যা দূৰীকৰণৰ বাবে ১১ বছৰীয়া কিশোৰ যুৱৰাজ শ্বাহে তৈয়াৰ কৰি উলিয়াইছে মেডমাজ এপ নামৰ এই এণ্ড্ৰইড এপ্লিকেচশ্যনটো।

এণ্ড্ৰইড এপ্লিকেশ্যনটো

যিটো এপ্লিকেশ্যনৰ দ্বাৰা ইতিমধ্যে ক্ৰয় কৰা অব্যৱহৃত ঔষধসমূহ সংগ্ৰহ কৰি চৰকাৰী স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন দৰিদ্ৰ ৰোগীক প্ৰদান কৰা হ’ব।

যুৱৰাজৰ ককাকে ৰোগৰ পৰা উপশম পোৱাৰ পিছত ক্ৰয় কৰা ঔষধবোৰ অব্যৱহৃত হৈ ঘৰত পৰি থকাত তেওঁৰ মনলৈ আহিল যে সেই অব্যৱহৃত ঔষধখিনি কোনো দুখীয়া ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে! সেই কথাটোৱেই যুৱৰাজক এই এপটো নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰিলে।

কেনেকৈ ঔষধ সংগ্ৰহ বা দান কৰিব পাৰিব এপটোৰ সহায়ত

এপটোৰ ইউজাৰে ঔষধৰ নাম, ম্যাদ উকলাৰ দিন, ষ্ট্ৰীপত থকা নম্বৰৰ সৈতে সম্পূৰ্ণ বিৱৰণ দিব লাগিব।

আৰু চিকিৎচালয়ৰ কতৃপক্ষই এপটোত লগ ইন কৰি ঔষধখিনিৰ বিৱৰণখিনি চোৱাৰ পিছত ইউজাৰৰ লগত যোগাযোগ কৰি ঔষধখিনি সংগ্ৰহ কৰি ল’ব।