১৭ দিনত ১২খন দলং! বিহাৰ চৰকাৰত জোকাৰণি; ১৫ জন চৰকাৰী অভিযন্তাক নিলম্বন, দুটা প্ৰতিষ্ঠানক শ্ব’ কজ

বিহাৰত চলি আছে দলঙৰ আতংক। পুনৰ ভাঙি পৰিল দলং। বৃহস্পতিবাৰে সাৰণ জিলাত গণ্ডাকি নদীৰ ওপৰত আন এখন দলং ভাঙি পৰে। ফলত ২৪ ঘন্টাত মাত্ৰ সাৰণত তিনিখন দলং ভাঙে! মুঠতে বিহাৰত বিগত ১৭ দিনত একেৰাহে ১২খন দলং ভাঙিছে। ইয়াৰ বাবে ১৫ গৰাকী অভিযন্তাক নিলম্বন কৰা হৈছে।

কিন্তু ইমানবোৰ দলং কেনেকৈ ভাঙি গ’ল, সাৰণ দলং বা কিয় ইমান একেৰাহে ভাঙি গ’ল সেয়া স্পষ্ট হোৱা নাই৷ প্ৰথম অৱস্থাত প্ৰশাসনে অত্যধিক বৰষুণৰ বাবে এই দলং দুৰ্যোগৰ বাবে জগৰীয়া কৰিছিল। কিন্তু প্ৰশ্ন উত্থাপন হয়, প্ৰতি বছৰে বৰষুণ হয়, বানপানীও হয়৷ এনেকৈ একেৰাহে ভাঙি যোৱাৰ কাৰণ কি!

উত্তৰ নোপোৱাৰ পাছতো ডজন ডজন দলং ধ্বংস হোৱাৰ পাছতো অলৰ-অচৰ প্ৰশাসন। জলসিঞ্চন বিভাগৰ ১১ জন আৰু গ্ৰাম্য গড়কাপ্তানি বিভাগৰ ৪ জনকে ধৰি মুঠ ১৫ জন চৰকাৰী অভিযন্তাক নিলম্বন কৰা হৈছে। ইয়াৰ ভিতৰত কাৰ্যবাহী অভিযন্তা, সহকাৰী অভিযন্তা আদি উচ্চপদস্থ বিষয়াও আছে। দুটা নিৰ্মাণ কোম্পানীকো কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। কিছুমানক ব্লেকলিষ্ট হোৱাৰ সতৰ্কবাণী।আৰু কিছুমানৰ পেমেণ্টো ব্লক কৰা হৈছে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বিভিন্ন ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে বৃহস্পতিবাৰে সাৰণ নদীৰ ওপৰত নিৰ্মিত এখন দলং মাজৰ পৰা ভাঙি পৰে। দলঙৰ এক বৃহৎ অংশ পানীত পৰিছে। এই দলঙৰ মাজেৰে সাৰণ জিলাৰ পৰা ছিৱান জিলালৈ যাব পাৰি। ইয়াৰ ভাঙি পৰাৰ বাবেই গাঁওবাসীয়ে বিপদত পৰিছে। ১৫ বছৰ পুৰণি দলংখন।

বিহাৰত প্ৰথমখন দলং ভাঙি যোৱাৰ খবৰ আহিছিল ১৮ জুনত। প্ৰথমে আৰাৰিয়া জিলাত ভাঙি পৰে দলংখন। ইয়াৰ পিছত ২২ তাৰিখে ছিৱানত নদীৰ সিপাৰে এখন দলংও ভাঙি পৰে। ইয়াৰ পিছতে পূৱ চম্পাৰণ, কিষানগঞ্জ, মধুবনী, মুজাফ্ফৰপুৰত দলং ভাঙি যায়। বুধবাৰে ছিৱানত চাৰিখন আৰু সাৰণত দুখন দলং ভাঙি পৰে। বৃহস্পতিবাৰে সাৰণত আৰু এখন দলং ভাঙি পৰাৰ পিছত মুঠ দলং ভাঙি পৰাৰ সংখ্যা ১২খন।

এই পৰিস্থিতিত বিৰোধী আৰু সাধাৰণ মানুহৰ প্ৰশ্নটো হ’ল, এই দলংবোৰ কেনেধৰণৰ সামগ্ৰীৰে তৈয়াৰ কৰা হৈছে? নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ বাবেই নেকি?

ৰাজ্যখনৰ আৰজেডি নেতা তথা বিৰোধী দলৰ নেতা তেজস্বী যাদৱে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইমান ডাঙৰ ঘটনাক লৈ মৌন হৈ আছে। সুশাসন আৰু দুৰ্নীতিমুক্ত চৰকাৰৰ দাবী ক’লৈ গ’ল এই প্ৰশ্ন উত্থাপন কৰে তেজস্বীয়ে। তেওঁ কয়, এই ঘটনাই দেখুৱাইছে যে সকলো চৰকাৰী বিভাগতে দুৰ্নীতি বিয়পি পৰিছে।