কৃষ্ণাই আৰু বিশ্বনাথত অসম বন্ধৰ আংশিক প্ৰভাৱ; বিহালীত বন্ধ সমৰ্থকক ৰাইজৰ খেদা

বিশ্বনাথত অসম বন্ধৰ দৃশ্য

কৃষ্ণাই :

ধলাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে আজি আহ্বান জনোৱা ১২ ঘন্টা অসম বন্ধৰ প্ৰভাৱ কৃষ্ণাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আংশিকভাৱে পৰা পৰিলক্ষিত হয়।

বন্ধৰ সময়চোৱাত অঞ্চলটোত দোকান পোহাৰ, বিত্তীয় প্ৰতিষ্ঠান বন্ধ থাকে যদিও ৩৭ নং আৰু ৫১ নং ৰাষ্ট্ৰীয় পথত  যান-বাহনৰ চলাচল অব্যাহত থকাৰ লগতে চৰকাৰী তথা ব্যক্তিগত শিক্ষানুষ্ঠান সমূহ খোলা থাকে।

তদুপৰি বন্ধৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা ৮ গৰাকী বন্ধ সমৰ্থকক আটক কৰে।

কৃষ্ণাইত অসম বন্ধৰ দৃশ্য

বিশ্বনাথ :

কটকটীয়া নিৰাপত্তাৰ মাজত আজি বিশ্বনাথত ধলাৰ হত্যাকাণ্ডৰ প্ৰতিবাদত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ বিশেষ প্ৰভাৱ পৰা দেখা নগ’ল।

বন্ধৰ বিৰুদ্ধে ৰাজপথলৈ শতাধিক অসমীয়া যুৱক তথা ৰাইজ উলাই আহি বন্ধ হৈ থকা বাণিজ্যিক প্ৰতিষ্ঠানসমূহ খুলিবৰ বাবে আহ্বান জনাই ‘অসমীয়া জিন্দাবাদ’, ‘অসমত অসমীয়গিৰী চলিবই’, ‘জয় আই অসম’ ইত্যাদি শ্ল’গানেৰে বন্ধ প্ৰত্যাহাৰ কৰাৰ বাবে বিশ্বনাথৰ ৰাজপথত শান্তি শৃংখলাৰে সকলোকে আহ্বান জনায়।

আনহাতে উক্ত বন্ধক কেন্দ্ৰ কৰি বিহালীত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। বন্ধ সমৰ্থনৰ নামত উদ্ভণ্ডালি কৰা শতাধিক যুৱকৰ এটা দলক প্ৰায় পাঁচ শতাধিক স্থানীয় ৰাইজে পহুখেদা দিয়ে।