NORTHEAST NOW (Assamese)

ছত্তীশগড়ত শ্ৰমিকভৰ্তি বাছৰ দুৰ্ঘটনা! ১২ জন নিহত,আহত বহুতো

April 10, 2024 11:09 am · এন ই নাও নিউজ

মঙলবাৰে নিশা ছত্তীশগড়ত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। শ্ৰমিকৰে ভৰ্তি এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে খাৱৈত বাগৰি পৰে। এই পৰ্যন্ত প্ৰাপ্ত তথ্য মতে ১২ জন লোকৰ মৃত্যু হৈছে। ১৪ জন লোকক উদ্ধাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মঙলবাৰে নিশা প্ৰায় ৮:৩০ বজাত ছত্তীশগড় জিলাৰ দুৰ্গ কুমহাৰী অঞ্চলত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে নিশা শ্ৰমিক ভৰ্তি বাছখন কুমহাৰী অঞ্চলত উপস্থিত হোৱাৰ লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ৪০ ফুট দ খাৱৈত বাগৰি পৰে। তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়৷আৰক্ষীৰ দাবী যে আটাইকেইজন শ্ৰমিকে এটা ব্যক্তিগত কোম্পানীত কাম কৰে।

আৰক্ষীয়ে জনোৱা মতে, এই পৰ্যন্ত মৃত্যুৰ সংখ্যা ১২ জন। গুৰুতৰভাৱে আহত ১৪ জন লোকক উদ্ধাৰ কৰা হৈছে। আহতসকলৰ ভিতৰত ১২জনক ছত্তীশগড় ইএমএছত ভৰ্তি কৰা হৈছে আৰু বাকী দুজন স্থানীয় ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।বৰ্তমান চিকিৎসালয়খনৰ চিকিৎসকে আহতসকলৰ শাৰীৰিক অৱস্থা গুৰুতৰ নহয় বুলি জানিবলৈ দিয়ে।

মঙলবাৰে নিশা ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাইয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰি নিজৰ এক্স হেণ্ডেলত লিখিছে, “দুৰ্গাৰ কুমহাৰী অঞ্চলত শ্ৰমিকৰে ভৰ্তি বাছৰ দুৰ্ঘটনাৰ কথা শুনি মই স্তম্ভিত হৈছো। ১২ জন লোকৰ মৃত্যুৰ খবৰ পাইছোঁ। মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভুক্তভোগী পৰিয়ালৰ বাবে। আহতসকলৰ যত্নৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকৰো আশু আৰোগ্য কামনা কৰিলোঁ।”

Related News