NORTHEAST NOW (Assamese)

অসমত আৰু ১২ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৬৬৭লৈ বৃদ্ধি

September 28, 2020 10:04 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু ১২গৰাকী ক’ভিড১৯ ৰোগীয়ে সোমবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৬৬৭লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত দেওবাৰলৈকে ৬৫৫গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৩৯,৯৭৭গৰাকী ব্যক্তিয়ে দেওবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত দেওবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৯,৩৫০ (।)

মুঠ ১,৬৯,৯৮৫গৰাকী ব্যক্তি অসমত দেওবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News