দেশজুৰি কৃষকৰ ‘ক’লা দিৱস’ৰ আহ্বান; ছোনিয়া-মমতাকে ধৰি ১২টা বিৰোধী দলৰ সমৰ্থন

farmers-protest-750x375

ফাইল ফটো।

সংযুক্ত কিষান মৰ্চাই অহা ২৬ মে’ত পুনৰ দেশজুৰি বিক্ষোভৰ আহ্বান জনাইছে। কিষান মৰ্চাৰ এই বিক্ষোভৰ আহ্বানক সন্মিলিতভাৱে সমৰ্থন জনাইছে দেশৰ ১২টা বিৰোধী দলে।

দেশৰ ৪০টা কৃষক সংগঠনৰ সন্মিলিত মৰ্চাই ২৬মে’ত দেশজুৰি ক’লা দিৱস পালনৰ আহ্বান দিছে। কৃষকসকলে কৃষি আইন তিনিখন বাতিলৰ দাবী জনাই আহিছে।

আনহাতে, চৰকাৰে আইন সংশোধনৰ ক্ষেত্ৰত প্ৰস্তুত হ’লেও প্ৰতিবাৰেই আইন বাতিলৰ প্ৰস্তাৱ নস্যাৎ কৰি আহিছে।

কৃষকসকলে দিল্লীৰ সীমান্তত ইয়াৰ বাবে আন্দোলন চলাই আহিছিল আৰু সেই আন্দোলন পুনৰ শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে নতুন প্ৰতিবাদী কাৰ্যুসূচী ঘোষণা কৰা হৈছে।

কৃষকসকলৰ এই প্ৰতিবাদক পত্ৰ প্ৰেৰণ কৰি নিজৰ সমৰ্থনৰ কথা ঘোষণা কৰিছে ১২ টাকৈ বিৰোধী দলে।

পত্ৰখনত স্বাক্ষৰ কৰিছে ছোনিয়া গান্ধী (কংগ্ৰেছ), এইচ ডি দেবেগৌড়া (জেডি-এছ), শাৰদ পাৱাৰ (এনচিপি), মমতা বেনাৰ্জী(তৃণমূল কংগ্ৰেছ), উদ্ধৱ ঠাকৰে (শিৱসেনা), এম কে ষ্টালিন (ডিএমকে), হেমন্ত ছোৰেন (জেএমপি), ফাৰুক আব্দুল্লা (জেকেপিএ), অখিলেশ যাদব (এছপি), তেজস্বী যাদব (আৰজেডি), ডি ৰাজা (চিপিআই) আৰু সীতাৰাম য়েচুৰী (চিপিআই-এম)।

উল্লেখ্য যে যোৱা ২৬জানুৱাৰীত সংযুক্ত কিষান মৰ্চাই তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লীত ট্ৰেক্টৰ মিছিলৰ আহ্বান দিছিল। প্ৰায় ১০ হাজাৰ প্ৰতিবাদকাৰীয়ে তাত অংশ লৈছিল। সেই প্ৰতিবাদৰ সময়ত আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হৈ পৰিছিল একাংশ প্ৰতিবাদকাৰী। লালকিল্লাত কৃষক সংগঠনৰ পতাকাও উৰুৱাইছিল। ১২৮জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল।

অৱশ্যে, সংযুক্ত কিষান মৰ্চাই সেই ঘটনাত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ মাজত কোনো সমাজ বিৰোধী লোক সোমাই পৰা বুলি দাবী কৰিছিল।

সেই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত কৃষকসকলে আৰু কোনো বৃহৎ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা নাই।