NORTHEAST NOW (Assamese)

অসমত নতুনকৈ ক’ভিড মুক্ত ১২১৬গৰাকী, আৰোগ্যৰ হাৰ ৭৬.২ শতাংশ

July 28, 2020 11:17 pm · এন ই নাও নিউজ

১২১৬গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰ সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই মঙলবাৰে ২৬ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

অসমত এতিয়ালৈকে ২৬,৬১৮গৰাকী ব্যক্তি ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে।

অসমত ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ ৭৬.২ শতাংশ।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৮২৩৮গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে, অসমত শেহতীয়াকৈ ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হ্ৰাস পাইছে।

যোৱা ২৪ ঘণ্টাত ২২,৮৭৬টা ক’ভিড টেষ্টৰ বিপৰীতে ১৩৭১গৰাকী ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

মঙলবাৰৰ দিনটোতে অসমে ৮ লাখ (৮০২,৬৭৪) ক’ভিড টেষ্টৰ সীমা অতিক্ৰম কৰিছে।

ইফালে দুগৰাকী ক’ভিড আক্ৰান্তই মঙলবাৰে অসমত প্ৰাণ হেৰুৱাইছে আৰু মুঠ মৃতকৰ সংখ্যা ৮৮গৰাকীলৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩৪,৯৪৭গৰাকী। ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News