বঙাইগাঁও জিলাত প্ৰথম আৰু দ্বিতীয় ঢৌত ক’ভিড ১৯ আৰু আন উপসৰ্গত ১২৫ গৰাকী ব্যক্তিৰ মৃত্যু 

Covid-death

প্ৰতিনিধিত্বমূলক ছবি

ক’ৰোনা মহামাৰীৰ ফলত বহু পৰিয়ালে নিজৰ আপোনজনক হেৰুৱাবলগীয়া হৈছে ৷ বঙাইগাঁও জিলাতো ক’ৰোনাই বহু পৰিয়ালৰ বাবে কাল হৈ দেখা দিয়াত ইতিমধ্যে জিলাখনত ক’ভিড ১৯ আৰু আন উপসৰ্গত ১২৫ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে৷

জিলা প্ৰশাসনৰ তথ্য মতে ক’ৰোনাৰ প্ৰথম ঢৌত বিগত ২০২০ বৰ্ষৰ ১২ আগষ্টৰ পৰা ৩১ ডিচেম্বৰলৈকে জিলাখনত ৮ গৰাকী ব্যক্তিৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷ মৃত ব্যক্তিসকলৰ ভিতৰত ৭ গৰাকী পুৰুষ আৰু এগৰাকী মহিলা আছিল৷

আনহাতে ক’ৰোনাৰ প্ৰথম ঢৌত বিগত ২০২০ বৰ্ষৰ ১২ আগষ্টৰ পৰা ২৬ ডিচেম্বৰলৈকে ক’ভিড ১৯ আৰু আন উপসৰ্গত আক্ৰান্ত হৈ আন ৩১ গৰাকী ব্যক্তিৰ মৃত্যু হয় ৷

মৃত ব্যক্তিসকলৰ ভিতৰত ২৭ গৰাকী পুৰুষ আৰু ৪ গৰাকী মহিলা আছিল ৷ ক’ৰোনাৰ প্ৰথম ঢৌত ক’ভিড ১৯ আৰু ক’ভিডৰ লগতে আন উপসৰ্গত মুঠ ৩৯  গৰাকী ব্যক্তিৰ মৃত্যু হয় ৷ মৃত ব্যক্তিসকলৰ ৩৪ গৰাকী পুৰুষ আৰু ৫ গৰাকী মহিলা আছিল ৷

ইপিনে ক’ৰোনাৰ দ্বিতীয় ঢৌত চলিত বৰ্ষৰ ৩০ এপ্ৰিলৰ পৰা ১২ জুনলৈকে ক’ভিড ১৯ ত আক্ৰান্ত হৈ ২৫ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে ৷ মৃত ব্যক্তিসকলৰ ভিতৰত ১৪ গৰাকী পুৰুষ আৰু ১১ গৰাকী মহিলা আছিল ৷

সেইদৰে ক’ৰোনাৰ দ্বিতীয় ঢৌত চলিত বৰ্ষৰ ২৪ এপ্ৰিলৰ পৰা ২০ জুনলৈকে ক’ভিড ১৯ আৰু আন উপসৰ্গত আক্ৰান্ত দুমাহ তিনিদিনীয়া বয়সৰ এটি শিশুকে ধৰি মুঠ ৬১ গৰাকী ব্যক্তিৰ মৃত্যু হয় ৷

মৃত ব্যক্তিসকলৰ ভিতৰত ৫২ গৰাকী পুৰুষ আৰু ৯ গৰাকী মহিলা আছিল ৷ জিলাখনত ক’ৰোনাৰ দ্বিতীয় ঢৌত ক’ভিড ১৯ আৰু আন উপসৰ্গত ভুগি মুঠ ৮৬ গৰাকী ব্যক্তিৰ মত্যু হৈছে ৷ ইয়াৰ ভিতৰত ৬৬ গৰাকী পুৰুষ আৰু ২০ গৰাকী মহিলা ৷

উল্লেখ্য যে জিলাখনত  ক’ৰোনাৰ সংক্ৰমণৰ হাৰ পূৰ্বতকৈ কিছু হ্ৰাস পাইছে যদিও প্ৰতিদিনে নতুন নতুন ব্যক্তি আক্ৰান্ত হৈয়ে আছে ৷ জিলাখনত শুকুৰবাৰৰ দিনটোত নতুনকৈ  ৪৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ১২১ জন আছে  ৷

ইয়াৰ ভিতৰত ৭৯ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৪২ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ সেইদৰে শুকুৰবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৪৬ জনকৈ ৰোগী ৷

জিলাখনত শুকুৰবাৰে মুঠ ৬,০৭৬ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ২ জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,৯৩৮ জন হৈছে ৷