অগপ শূন্যৰ দিশে জাগীৰোড; তিনিখন আঞ্চলিকৰ নেতা-কৰ্মীৰ ৰাইজৰ দলত যোগদান

ফটো : নৰ্থ-ইষ্ট নাও

এসময়ৰ আঞ্চলিকতাবাদৰ দুৰ্গখ্যাত ৭৯নং জাগীৰোড বিধানসভা সমষ্টিত আৰম্ভ হৈছে ব্যাপক খহনীয়া।

আঞ্চলিক দল অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বৰ ক্ষমতাকেন্দ্ৰীক খোৱা-কামোৰা তথা গণ বিচ্ছিন্নমুখী নীতিৰ বাবেই মোহভংগ হৈ দলটোৰ বহুকেইগৰাকী নেতা-কৰ্মীয়ে আজি নৱগঠিত ৰাইজৰ দলত যোগদান কৰে।

এই উপলক্ষ্যে আজি জাগীৰোড কলামন্দিৰ প্ৰাংগণত জাগীৰোড সমষ্টি সমিতিৰ সভাপতি কামেশ্বৰ বৰদলৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত জাগীৰোড, জাগীভকতগাঁও, ডোঙাবড়ী অগপৰ আঞ্চলিক সমিতিৰ ১৩ গৰাকী  শীৰ্ষ নেতা-কৰ্মীয়ে ৰাইজৰ দলৰ নীতি-আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দলটোত যোগদান কৰে।

যোগদান কৰিয়েই অগপৰ প্ৰতি সৰৱ হৈ ২১’ৰ নিৰ্বাচনত জাগীৰোড সমষ্টিটো ৰাইজৰ দলে আজুৰি আনিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে নেতা-কৰ্মীসকলে।

অনুষ্ঠানত মৰিগাঁও জিলা সমিতিৰ সভাপতি ৰাতুল ডেকা, জিলা সম্পাদক নিতু ডেকা, জিলা সমন্বয়ক ৰত্মেশ্বৰ দেউৰীকে প্ৰমুখ্যে জিলা সমিতিৰ বহুকেইজন নেতা উপস্থিত থাকি নতুনকৈ দলত যোগদান কৰা কৰ্মীসকলক শুভেচ্ছা জনায়।

আগন্তুক ২১’ বিধানসভা নিবাচনত ৰাইজৰ দলৰ পৰা জিলাখনৰ তিনিওটা বিধানসভা সমষ্টি ক্ৰমে ৭৯নং জাগীৰোড, ৮০নংমৰিগাঁও আৰু ৮১নং লাহৰীঘাট সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিষয়েও সদৰী কৰে।

লক্ষণীয় যে হুৰা-হুৰে খহিবলৈ ধৰা অগপ নামৰ আঞ্চলিক দলটোৰ এনে বিপৰ্যয়ে আগন্তুক সময়ত এক অশনি সংকেত নামি অহা বুলি দলটোৰ নিষ্ঠাৱান নেতা-কৰ্মীসকলৰ মাজত এতিয়া সৰৱ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।