কৰ’নাই নহয়, জুঁইয়ে কাঢ়ি নিলে প্ৰাণ! মহাৰাষ্ট্ৰৰ কোভিড হাস্পাতালত অগ্নিদদ্ধ হৈ মৃত্যু ১৩জনৰ

fire-at-covid-hospital

এক মৰ্মান্তিক দুৰ্ঘটনাত মহাৰাষ্ট্ৰত ১৩জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল। কৰ’নাই নহয়, দুৰ্ঘটনাত জুঁইয়ে কাঢ়ি ল’লে প্ৰাণ।

মুম্বাইৰ সমীপৰ পালঘৰত অৱস্থিত বীৰাৰৰ বিজয় বল্লভ কোভিড হাস্পাতলত শ্বৰ্ট শ্বাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। মাত্ৰ কেইদিন পূৰ্বে একেধৰণৰ ঘটনাত বহুকেইজন কৰ’না ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল নাছিকত।

জানিব পৰা মতে, যোৱা মাজনিশা চাৰে তিনি বজাত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। সেই সময়ত হাস্পাতলখনত পৰ্যাপ্ত চিকিৎসক তথা চিকিৎসাকৰ্মী নথকাৰ অভিযোগ উঠিছে।

হাস্পাতলখনত মুঠ ৯০জন ৰোগী ভৰ্তি হৈ আছিল। সেইদৰে আইচিইউত মুঠ ১৭জন ৰোগী আছিল আৰু ইয়াৰে ভিতৰত ১৩জনৰ মৃত্যু ঘটে।

অগ্নি নিৰ্বাপনৰ বাবে ১০খন অগ্নিনিৰ্বাপক গাড়ী ঘটনাস্থলীত উপস্থিত হয়। তদুপৰি, কৰ’না ৰোগীসকলক হাস্পাতলখনৰ পৰা আন হাস্পাতললৈ স্থানান্তৰৰ কাম চলাই থকা হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে হাস্পাতলখনৰ অগ্নি নিৰ্বাপক ব্যৱস্থা বিকল হৈ আছিল। অগ্নি নিৰ্বাপক ছিলিণ্ডাৰে কাম কৰা নাছিল। ঘটনাৰ সময়ত কোনো চিকিৎসকো নাছিল।

হাস্পাতালখনৰ সন্মুখত মাত্ৰ দুগৰাকী নাৰ্ছে তেতিয়া থিয় হৈ আছিল। এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে তেওঁৰ মাতৃক হাস্পাতালত ভৰ্তি কৰাবলৈ আনি এই ঘটনা প্ৰত্যক্ষ কৰাৰ কথা জানিবলৈ দিয়ে।