NORTHEAST NOW (Assamese)

মৃত্যুদূত কাঠফুলা! বিষাক্ত কাঠফুলা ভক্ষণ কৰি ১৩ জনৰ মৃত্যু

April 13, 2022 2:51 pm · এন ই নাও নিউজ, গুৱাহাটী

বিষাক্ত ভক্ষণ কৰাৰ ফলত যোৱা ২৪ ঘণ্টাত উজনি অসমত প্ৰায় ১৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙিয়াই জানিবলৈ দিয়া মতে কাঠফুলাৰ বিষক্ৰিয়াৰ পাছত চিকিৎসাধীন হৈ থকা এইসকল ব্যক্তিৰ চিকিৎসালয়তে মৃত্যু হয়।

তেওঁ লগতে কয় যে যোৱা পাঁচ দিনত চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰ আৰু তিনিচুকীয়াৰ মুঠ ৩৫ জন ব্যক্তিক কাঠফুলাৰ বিষক্ৰিয়াৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰে ১৩ জন ৰোগীৰ যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে। আন এজন ৰোগীৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে।

বনৰীয়া বিষাক্ত কাঠফুলা খোৱাৰ পিছত তেওঁলোক বমি আৰু পেটৰ বিষত ভুগিছিল বুলি চিকিৎসক সকলে জানিবলৈ দিয়ে।

মৃত্যু হোৱা ৰোগীসকলৰ ভিতৰত এজন শিশুসহ সাতজন চৰাইদেউ জিলাৰ সোণাৰি অঞ্চলৰ, পাঁচজন ডিব্ৰুগড় জিলাৰ বৰবৰাহ অঞ্চলৰ আৰু এজন শিৱসাগৰ জিলাৰ বুলি জানিব পৰা গৈছে।

Related News