NORTHEAST NOW (Assamese)

উত্তৰ প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, আহত কেইবাগৰাকীও যাত্ৰী

October 30, 2022 6:44 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 30, 2022 12:38 am

উত্তৰ প্ৰদেশৰ বান্দা জিলাত শনিবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। শনিবাৰে সন্ধিয়া এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাদত বাগৰি পৰাৰ ফলত প্ৰায় ১৩ গৰাকী যাত্ৰী আহত হয়।

আট্ৰাৰাৰ পৰা কামাচিন অভিমুখে যাত্ৰাৰ সময়তে বাছখনৰ চালকে ওৰহা-নাগভাৰাৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱায় আৰু নিয়ন্ত্ৰণহীন বাছখন পথৰ কাষৰ খাদত বাগৰি পৰে।

ঘটনাৰ পাছতে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰ অভিযানৰ তদাৰক কৰা এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে দুৰ্ঘটনাত সাতগৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

“গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাতগৰাকী যাত্ৰীক তৎকালীনভাৱে আট্ৰাৰাৰ এটা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। এই সাতজনৰ ভিতৰত তিনিজন যাত্ৰীৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।”— বিষয়াগৰাকীয়ে লগতে কয়।

আনহাতে দুৰ্ঘটনাটোত ছয়গৰাকী যাত্ৰী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতে যাবলৈ দিয়া হয় বুলি বিষয়া গৰাকীয়ে লগতে সদৰী কৰে।

Related News