• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দক্ষিণ কোৰিয়াত ভয়াৱহ দুৰ্ঘটনা: হেলোইন উদযাপনৰ সময়তে পদপিষ্ট হৈ প্ৰায় ১২০ গৰাকী লোকৰ মৃত্যু, শতাধিক আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2022 6:27 am
Stampede In South Korea
171
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলত শনিবাৰে নিশা হেলোইন উৎসৱ উদযাপনৰ সময়তে এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। হেলোইন উদযাপনৰ বাবে হোৱা বিশাল জনসমাগমত চিউলৰ এক অঞ্চলত পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছে প্ৰায় ১২০ গৰাকী লোকে। আনহাতে এই শোকাৱহ দুৰ্ঘটনাত শতাধিক লোক আহত হৈছে।

ক’ভিদ কেন্দ্ৰিক নিষেধাজ্ঞাৰ বাবে দুবছৰৰ মূৰত অনুষ্ঠিত হোৱা হেলোইন উৎসৱত যোগদানৰ বাবে চিউলৰ কেন্দ্ৰীয় জিলা ইটাৱনত প্ৰায় ১ লাখ লোকৰ সমাগম হৈছিল। স্থানীয় সংবাদ প্ৰতিষ্ঠান দ্য কোৰিয়া হেৰাল্ডত প্ৰকাশিত খবৰ অনুসৰি নিশা প্ৰায় ১০.৩০ বজাত এই ভয়াৱহ ঘটনা সংঘটিত হৈছিল।

স্থানীয় কৰ্তৃপক্ষৰ ভাষ্য মতে প্ৰায় ১০.৩০ বজাত ঘটনাৰ বিষয়ে প্ৰথম খবৰ লাভ কৰাৰ পিছত কিছুসময়ৰ ভিতৰতে নিহতৰ সংখ্যাই শতকৰ সীমা অতিক্ৰম কৰিছিল। আনহাতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ হৃদৰোগত আক্ৰান্ত হোৱা লোকসকলৰ উদ্ধাৰ অভিযানত নামি পৰে।

충격주의)현재 이태원 압사 사망자 발생했다는듯 pic.twitter.com/ExGTyJQQN9

— 이것저것 소식들 (@feedforyou11) October 29, 2022

বিভাগীয় কৰ্তৃপক্ষৰ উপৰিও এনে ভয়াৱহ ঘটনাৰ পাছতে সাধাৰণ লোকেও বাগৰি পৰা ব্যক্তিসকলৰ স্বাস্থ্যৰ যত্ন লোৱাত নামি পৰে। ইফালে ঘটনাস্থলীলৈ ১৪০ খনতকৈও অধিক এম্বুলেন্স প্ৰেৰণ কৰা হৈছে বুলি স্থানীয় প্ৰশাসনিক বিষয়া এগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

আনহাতে এই শোকাৱহ ঘটনাৰ পূৰ্বে একাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে টুইটাৰ যোগে অঞ্চলটোত যথেষ্ট লোকৰ সমাগম হোৱাৰ বাবে জনসাধাৰণক অঞ্চলটোলৈ যোৱাৰ বাবে বাধা প্ৰদান কৰাৰ লগতে সতৰ্কবাণী প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে।

truly the scariest halloween of my life—30 down, 400 rescue workers deployed. please avoid itaewon and stay safe. #이태원사고 pic.twitter.com/PC1GBJt7qk

— Chloe Park 🦋 in Seoul (@chloepark) October 29, 2022

ইফালে ৰাষ্ট্ৰপতি য়ুন চুক-ইয়লে এক বিবৃতি জাৰি কৰি ঘটনাস্থলীত বিপৰ্যস্ত লোকৰ সহায়ৰ বাবে জন প্ৰশাসন আৰু নিৰাপত্তা মন্ত্ৰীৰ নেতৃত্বত সকলো সম্পৰ্কিত মন্ত্ৰালয় আৰু সংস্থাকে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিয়ে।

আহতসকলক উদ্ধাৰ কৰি তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰপতি য়ুন চুক-ইয়লে বিবৃতি যোগে প্ৰশাসনক নিৰ্দেশ দিয়ে।

Recent News

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd