প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ নৃশংস হত্যাৰ অভিযোগত ১৩ জনক যাৱজ্জীৱন কাৰাদণ্ড

কিছুসংখ্যক চিপিআই-এম কৰ্মীয়ে ১৯৮৩ চনৰ ৭ এপ্ৰিলত নৃশংসভাৱে হত্যা কৰিছিল কংগ্ৰেছী বিধায়ক গৰাকীক

Tripura-High-Court

ত্ৰিপুৰা উচ্চ ন্যায়ালয়

প্ৰাক্তন কংগ্ৰেছ বিধায়ক পৰিমল চাহাক হত্যাৰ অপৰাধত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ১৩ গৰাকী ব্যক্তিক জাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

মুখ্য ন্যায়াধীশ সঞ্জয় কাৰোল আৰু ন্যায়াধীশ অৰিন্দম লোধৰে গঠিত বিচাৰপীঠে অভিযুক্ত কেইগৰাকীক দোষী সাব্যস্ত কৰি শাস্তিৰ ৰায় দিয়ে।

পশ্চিম ত্ৰিপুৰা জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে সত্য দাস আৰু অন্য চাৰিগৰাকী লোকক খালাচ কৰি দিছিল যদিও উচ্চ ন্যায়ালয়ে হত্যাৰ লগত জড়িত থকা অপৰাধত দাসক দোষী সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, প্ৰাক্তন কংগ্ৰেছী বিধায়ক পৰিমল চাহা আৰু তেওঁৰ সহযোগী জিতেন্দ্ৰ চাহাক কিছুসংখ্যক চিপিআই-এম কৰ্মীয়ে ১৯৮৩ চনৰ ৭ এপ্ৰিলত চিপাহীজালা জিলাত নৃশংসভাৱে হত্যা কৰিছিল।

নৃপেন চক্ৰৱৰ্তী নেতৃত্বাধীন ত্ৰিপুৰাৰ বাওঁ মৰ্চাৰ চৰকাৰৰ দিনত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডটোৰ পাছতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হিংসাত্মক কাৰ্য্যকলাপ সংঘটিত হৈছিল।

সমগ্ৰ হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগত মুঠ ২৪ গৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল।

২০১৬ চনৰ এপ্ৰিল মাহত পশ্চিম ত্ৰিপুৰা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ১৭ গৰাকী লোকৰ ভিতৰত ১২ গৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে আৰু পাঁচগৰাকী লোকক উপযুক্ত সাক্ষীৰ অভাৱত মুকলি কৰি দিয়ে।

ত্ৰিপুৰা বিজেপি আৰু কংগ্ৰেছে উচ্চ ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনাইছে।