ককাকৰ যৌনাকাংক্ষাৰ বলি নাতিনী : ৭ মাহৰ অন্তঃসত্ত্বা কিশোৰী, অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

Kampur

ৰাজ্যত সংঘটিত অন্য এক অতি জঘন্য যৌন শোষণৰ ঘটনা পোহৰলৈ আহিছে।

এগৰাকী ১৩ বছৰীয়া কিশোৰীক নিজ ককাকে যৌন শোষণ চলাই অহাৰ বাতৰি আহিছে। এই লজ্জাজনক ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰত।

ঘটনাৰ বিৱৰণীৰ মতে কিশোৰীগৰাকীৰ মাতৃৰ পিতৃয়ে নিজৰে নাতিনীয়েক ধৰ্ষণ কৰিছিল যদিও ঘটনাটো গোপন হৈয়ে আছিল।

কিন্তু কিশোৰীগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ পিছতে ঘটনাটো পোহৰলৈ আহে। বৰ্তমান কিশোৰীগৰাকী সাত মহীয়া অন্তঃসত্ত্বা।

অস্বাভাৱিকভাৱে কিশোৰীগৰাকীৰ দৈহিক পৰিৱৰ্তন লক্ষ্য কৰি মাতৃয়ে কন্যাক এই সম্পৰ্কে প্ৰশ্ন কৰে আৰু তাই মাতৃক সমগ্ৰ ঘটনাটো অৱগত কৰে।

ইয়াৰ পিছতে পৰিয়ালৰ লোকে শুকুৰবাৰে কামপুৰ থানাত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

নিৰ্যাতিতা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে পস্ক’ আইনৰ অধীনত ধাৰা ৩৭৬(গ) আৰডব্লি/ধাৰা ৬ গোচৰ নং ৬৬/২১ত গোচৰ ৰুজু কৰি ৬০ বছৰীয়া অভিযুক্ত আব্দুল হামিদক গ্ৰেপ্তাৰ কৰিছে।

“এজাহাৰত উল্লেখ কৰা মতে নিৰ্যাতিতাৰ দৈহিক পৰিৱৰ্তন লক্ষ্য কৰি পৰিয়ালৰ লোকে কিশোৰীগৰাকীক প্ৰশ্ন কৰাত ঘটনাটো পোহৰলৈ আহে।” কামপুৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয়।