NORTHEAST NOW (Assamese)

অসমত ১৩৮০ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৭১ শতাংশ

September 17, 2020 11:19 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

১৩৮০গৰাকী ব্যক্তি বৃহস্পতিবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৬.৭১ শতাংশ।

যোৱা ২৪ ঘণ্টাত ২০,৫৫৭টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ মাজত আছে কামৰূপ মহানগৰৰ ৩৭৬ আৰু যোৰহাটৰ ১২৩গৰাকী ব্যক্তি।

ইপিনে আৰু ১৭গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫২৮লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বুধবাৰলৈকে ৫১১গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে বুধবাৰলৈকে ১,১৯,৩৬৪গৰাকী ব্যক্তিয়ে অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

অসমত বৰ্তমান ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ হৈছে ৮০ শতাংশ।

বুধবাৰলৈকে অসমত চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা ১,৪৮,৯৬৮লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News