মেনেজমেণ্ট আৰু প্ৰযুক্তিগত শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে এটা অগ্ৰণী অনুষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজিৰ, গুৱাহাটীৰ ইলেক্ট্রনিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহযোগত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে এখন কৰ্মশালা আয়োজন কৰিছে। কৰ্মশালাখনৰ বিষয়স্তু হ’ল – ‘মেটলেব্ আৰু চিমুলিংক আৰু ইলেক্ট্রনিকেল ইঞ্জিনীয়াৰিঙত ইয়াৰ প্রয়োজনীয়তা’ ।
১৯ মাৰ্চৰ পৰা ২৩ মাৰ্চ, ২০১৮লৈ চলিব লগা কৰ্মশালাখনে ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সহায় কৰিব। কৰ্মশালাখনৰ আহ্বায়ক বিপুল কুমাৰ তালুকদাৰে জনোৱা মতে কৰ্মশালাখনত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব।
কৰ্মশালাখন অনুষ্ঠিত হ’ব কামৰূপ জিলাৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজিৰ নিজা চৌহদত।
অধিক জানিবৰ বাবে তলত দিয়া লিংকটো খুলি চাবলৈ আয়োজকে অনুৰোধ জনাইছে।
(http://www.gimt-guwahati.ac.in/dept-page2/department/engineering/electrical-engineering)