ভাৰত-বাংলাদেশ সীমান্তৰ পৰা ১৪ জন ৰহিংগীয়া লোকক আটক

প্ৰতিনিধিত্বমূলক ছবি

ভাৰত-বাংলাদেশ সীমান্তৰ পৰা ১৪ জন ৰহিংগীয়া লোকক আজি আটক কৰিছে বি এছ এফে।

ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ মধুপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কামথানা অঞ্চলৰ ইণ্ডো-বাংলাদেশ সীমান্তৰ পৰা ১৪ জন ৰহিংগীয়াক আটক কৰা হৈছে।

তেওঁলোকৰ ভিতৰত পুৰুষ, মহিলা আৰু শিশু আছে। তেওঁলোকক বিএছএফ জোৱানে সীমান্তৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা ৰহিংগীয়া লোক কেইজনক কামথানা সীমান্ত আৰক্ষী চকীলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে। আটকাধীন বাংলাদেশীসকলক পিছত মধুপুৰ আৰক্ষী থানালৈ নিয়া হয়।গ্ৰেপ্তাৰ কৰা ৰহিংগীয়া লোক কেইজন হৈছে ক্ৰমে শ্বেখ আহমেদ(৩৩), নুৰ বেগম(৩০), মহম্মদ বি, ৰম নুৰ, খালেদা, মহম্মদ ইছমান, নুৰ ফাতিমা, আনৱাৰা বেগম, হোলী-ই-আখতাৰ, চৈয়দ নুৰ, ৰোজানা আখতাৰ, জাহানাৰা আখতাৰ, মহম্মদ ,ইছমান আৰু মহম্মদ আমজ।

ধৃত লোক কেইজনে প্ৰকাশ কৰা মতে তেওঁলোকে কামথানা অঞ্চলৰ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ বাংলাদেশলৈ যাবলৈ চেষ্টা কৰি থকাৰ সময়তে বিএছএফে তেওঁলোকক আটক কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে আজি তেওঁলোকক বিশালগড় মহকুমা আদালতত হাজিৰ কৰোৱা হ’ব। উল্লেখ্য ত্ৰিপুৰা এতিয়া ৰহিংগীয়াসকলৰ চলাচলৰ বাবে এক সূচল কৰিডৰ হৈ পৰিছে।

কেইদিনমান আগতে উনাকোটি জিলাৰ কৈলাশ অঞ্চলত আৰক্ষীয়ে ২৪ জন ৰহিংগীয়া নাগৰিকক আটক কৰিছিল।