NORTHEAST NOW (Assamese)

উত্তৰ প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ লীলা: বজ্ৰপাতে প্ৰাণ ল’লে ১৪ জন লোকৰ

July 21, 2022 3:39 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 21, 2022 3:40 pm

প্ৰকৃতিৰ প্ৰকোপৰ সন্মুখত অসহায় হৈ পৰিছে উত্তৰ প্ৰদেশ। মঙ্গলবাৰ আৰু বুধবাৰে বজ্ৰপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰাণ হেৰুৱাইছে ১৪ জন লোকে। আনহাতে প্ৰকৃতিৰ এই তাণ্ডৱত ১৬ গৰাকী ব্যক্তি আহতো হৈছে।

ৰাজ্যখনৰ সাহায্য আয়ুক্তৰ কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি বজ্ৰপাতৰ ফলত বান্দাৰ চাৰিজন, ফাতেহপুৰৰ দুজন লোকৰ মৃত্যু হৈছে।

আনহাতে বলৰামপুৰ, চান্দাউলি, বুলন্দচহৰ, ৰায়বৰেলী, আমেঠি, কৌশাম্বী, চুলতানপুৰ আৰু চিত্ৰকূট জিলাত এজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত লোকসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে আহতসকলক উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ স্থানীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

এই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগত নিহত হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালৰ বাবে ৪ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

Related News