• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Traditional foods benefits দোকানৰ ফাষ্টফুড কিমান খাব? ঘৰতে বনোৱা ঔষধি গুণাগুণ থকা খাদ্য খাওঁ আহক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 21, 2022 4:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি আমাৰ দৈনন্দিন জীৱনত দোকানৰ ফাষ্টফুড খাই বৰ ভাল পাওঁ নহয় জানো? বিশেষকৈ কণ কণ ল’ৰা-ছোৱালীয়ে বাহিৰৰ বস্তু খাই বৰ ভালপায়।

কিন্তু সেইবোৰ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী জানো? নিশ্চয় নহয়।
দোকানৰ ফাষ্টফুড বোৰতকৈ ঘৰতেই ঘৰুৱা ভাবে ৰান্ধি খোৱাৰ সোৱাদেই বেলেগ।

Apply Now

এনেদৰে ঘৰুৱা ভাবে ৰান্ধি তথা ঔষধি গুণ থকা আহাৰ আমাক ৰান্ধি খুৱালে জ্যোতি ভূঞা বাইদেউৱে।

তেওঁ আমাক ঔষধি গুণ থকা কি কি ৰান্ধি খুৱালে জানো আহক:-

১) নৰসিংহ আৰু ভেদাইলতাৰ পাতৰ বৰ:-নৰসিংহ ভেদাইলতাৰ পাত আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। ইয়াৰ পাতৰ আঞ্জা কেইদিনমান খালে গ্ৰহণী ৰোগ উপশম হয়। ইয়াৰ পাতৰ ৰসে অৰুচি আৰু বমি ভাব আঁতৰায়। পাতৰ ৰসে তেজৰ পৰিমাণ বৃদ্ধি কৰে। পেটৰ বিষ হ’লে চাৰি কাপ পানীত নৰসিংহ গছৰ শিপা ৫-৬ গ্ৰাম লৈ সিজাই পোৱা পানী খালে পেটৰ বিষ ভাল হয়।

নৰসিংহ পাতৰ ৰস গাত সানিলে গাৰ খজুৱতি উপশম হয়। পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামোৰণি ভাল হয়।
দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ, পূঁজ আদি বাহিৰ হ’লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায় ।
মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ’লে নৰসিংহৰ জোল খালে সকাহ পোৱা যায়।

ভেদাইলতা অলপ তিতা ৰসযুক্ত, উষ্ণবীৰ্য, গুৰুপাকী , বলকাৰক, শুক্ৰবৰ্ধক, বেদনানাশক, ভগ্ন স্থানৰ সংযোজক আৰু মলমূত্ৰ নি:সাৰক।

বাতৰক্ত, কফ্‌, অৰ্শ, শোথ আৰু মলস্তম্ভ নাশক। ভেদাইলতা গৰম কৰি খালে পেটৰ উদৰাময় অৰ্থাৎ পেটৰ অসুখ ভাল হয়। আমাশয়ৰ বাবে অতি হিতকাৰক আৰু ৰুচি বৃদ্ধিকাৰক। ৰোগৰ পিছত ৰোগীক ভেদাইলতাৰ ৰস খুৱালে সোনকালে সুস্থ হয়।

আমি তাৰ গুণ সমূহ শুনিলো এতিয়া আহকচোন জানো জ্যোতি বাইদেউয়ে কেনেকৈ ৰান্ধিছিল:-

প্ৰথমে ধুনীয়াকৈ নৰসিংহ আৰু ভেদাইলতা পাতবোৰ ধুই ল’ব লাগে তাৰ পাছত মছুৰ ডাইলৰ পেষ্ট বনাই তাতে অকণমান হালধি আৰু নিমখ দি পাতবোৰত ধুনীয়াকৈ সানি লৈ মিঠাতেলত ফ্ৰাই কৰিব লাগে। অলপমান মচমচিয়া হোৱা নিচিনা দেখিলেই ধুনীয়াকৈ নমাই থৈ ভাতৰ লগত খাব পাৰি। মছুৰ ডাইলৰ সলনি পিঠাগুৰি বা বেছন দিও এই বৰ বনাব পাৰে।

২) বগা সৰিয়হৰ সৈতে ভাপত দিয়া ইলিশ মাছ:-

আমি সকলোৱে জানো যে বগা সৰিয়হ আমাৰ বাবে কিমান উপকাৰী। বগা আৰু চজিনা গছৰ ছাল মিহিকৈ পিহি লগালে ৰোগ সোনকালে নিৰাময় হয়। কিছুমান ছোৱালীৰ মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ হয়। সৰিয়হ পিহি গৰম কৰি পেটত লগালে আৰাম পোৱা যায়। দাঁতত হালধীয়া দাগ পৰিলে নিমখ, চৌদাখাৰ, নেমু টেঙাৰ ৰস আৰু সৰিয়হ তেল মিহলাই ঘঁহিলে পৰিষ্কাৰ হয়।

আমি এতিয়া বাইদেউয়ে কেনেকৈ ৰান্ধিছিল জানো আহক:-

প্ৰথমে ইলিশ মাছটো ভালকৈ ধুই ল’ব। তাৰ পাছত তাতে বগা সৰিয়হৰ পেষ্ট বনাই তাত অলপমান নহৰু আৰু আদা পেষ্ট দিব। কেঁচা জলকীয়া ভিনেগাৰ বা নেমুৰ ৰস লগতে মিহিকৈ নৰসিংহ আৰু পিয়াজ কাটি নিমখ নিজৰ জোখমতে সানি অকণমান দেৰি মেৰিনেট কৰি থৈ দিব। তাৰ পাছত কলপাতত ধুনীয়াকৈ গাঁঠি তাৱা এখনত উঠাই দি ঢাকি থৈ দিব। ১০/১৫ মিনিটৰ পাছত আপোনাৰ বগা সৰিয়হত দিয়া ইলিশ মাছ তৈয়াৰ হয় যাব।

৩) পিৰালীৰ পালেঙৰ শাকৰ সৈতে সৰু মাছৰ আঞ্জা:-

পিৰালী পালেং শাক হৈছে পালেং শাকৰ বংশৰে এবিধ শাক। পাতৰ ৰং ডাঠ সেউজীয়া।পাত বহল,কোমল আৰু ডাঠ।পাতৰ ঠাৰি দীঘল।পাত সামান্যভাৱে টেঙা। ইয়াৰ গছৰ পৰা গুটি ধৰে আৰু সেই গুটিৰ জৰিয়তেই বংশ বিস্তাৰ হয়।প্ৰকৃততে ই শীতকালীন পাচলি যদিও বিশেষ উপায় অৱলম্বনেৰে বছৰৰ সকলো সময়তে ঘাইকৈ ব্যৱসায়িক দৃষ্টিকোণেৰে বহুতে ইয়াৰ খেতি কৰে।

এতিয়া জানো আহক কেনেকৈ ৰান্ধিছিল:-

পৃথমে পিৰালী শাক ভালকৈ ধুই ল’ব তাৰ পাছত মিহিমিহিকৈ ধুনীয়াকৈ কাটি ল’ব। আনফালে সৰু মাছ ধুনীয়াকৈ ভাজি ল’ব।
এখন কেৰাহীত অকণমান তেল দি তাতে বগা সৰিয়হ অকণমান দিব। সৰিয়হ কেইটা ফুটাৰ পাছত তাতে শাক খিনি দি পুৰণা টেটেলি দিব। নিমখ আৰু হালধি অকণমান দি ভালকৈ উটলিবলৈ দিব। তাৰ পাছত সৰু মাছ কেইটা আঞ্জা খনত ধুনীয়াকৈ দি দিব। অকণমান ৫ মীন ঢাকি সিজিবলৈ দি তাৰ পাছত ধুনীয়াকৈ নমাই আনি ভাতৰ সৈতে খাব পাৰিব।

ইমান সুন্দৰকৈ যদি আমি ঘৰতেই ৰান্ধি খাব পাৰো তাৰ বিপৰীতে বাহিৰৰ ফাষ্টফুড খাই নিজৰ শৰীৰটো ৰুগীয়া হবলৈনো আমি কিয় এৰি দিও? সেয়েহে ধুনীয়াকৈ ঘৰতে ৰন্ধা আহাৰ খাওঁক আৰু শৰীৰটো সুস্থ কৰি ৰাখক।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd