দুৰ্ঘটনাত বিধ্বস্ত বিয়াৰ পৰা উভতি অহা যাত্ৰীবাহী বাহন, ৬ শিশুকে ধৰি ১৪জন লোক নিহত

বৃহস্পতিবাৰে নিশা উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত সংঘটিত হৈছে এটা ভয়ংকৰ শোকাৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী গাড়ী আৰু এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত ছয়টা শিশুসহ মুঠ ১৪ জন লোক নিহত হয়।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাটোত নিহত হোৱা লোক কেইজন এটা পৰিয়ালৰে সদস্য।

বিবাহ অনুষ্ঠানৰ পৰা উভতি আহোতেই দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী গাড়ীখন।

উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথে এই ঘটনাৰ শোক প্ৰকাশ কৰাৰ লগতে ভুক্তভোগী আৰু আঘাতপ্ৰাপ্ত সকলৰ পৰিয়ালক যথোপযুক্ত সহায় কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।

আৰক্ষীয়ে জনোৱা অনুসৰি লক্ষ্ণৌ-প্ৰয়াগৰাজ ঘাইপথৰ মাণিকপুৰৰ ওচৰত যাত্ৰীবাহী গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰৈ থকা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰে।

নবাবগঞ্জ অঞ্চলৰ শেখপুৰ গাঁৱৰ এখন বিয়াত অংশ লৈ ওভতাৰ পথত নিশা প্ৰায় ১১.৪৫ মান বজাত মাণিকপুৰ থানাৰ অন্তৰ্গত দেশৰাজৰ ইনাৰা গাঁৱৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি প্ৰাথমিক তদন্তত প্ৰতাপগড়ৰ আৰক্ষী বিষয়া অনুৰাগ আৰ্যই জানিবলৈ দিয়ে।

বিষয়াগৰাকীয়ে লগতে জানিবলৈ দি কয় যে যাত্ৰীবাহী গাড়ীখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল আৰু পথৰ কাষত ৰখাই থোৱা গাড়ীখনত খুন্দিয়াইছিল।

ঘটনাৰ উমান পাই লগে লগে সেই স্থানত আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰে।

দুৰ্ঘটনাটোত নিহত হোৱা লোক কেইজন হৈছে দীনেশ কুমাৰ (৪০), পৱন কুমাৰ(১০), দয়াৰাম(৪০), আমন(৭), ৰামসমঝ(৪০), গৌৰৱ কুমাৰ(১০), নান ভাইয়া(৫৫), শচীন(১২), হিমাংশু(১২), মিথিলেশ কুমাৰ(১৭), অভিমণ্যু(২৮), পাৰশনাথ(৪০) আৰু চালকজন বাবলু(২২)।

নিহত হোৱা লোক কেইজনৰ ভিতৰত ১২ জনৰ ঘৰ জিগৰাপুৰ গাঁৱৰ আৰু বাকী চালকসহ দুজন আৰোহীৰ অন্য ঠাইত ঘৰ বুলি জানিব পৰা গৈছে।