প্ৰধানমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ! মৃত্যুদণ্ড বিহা হ’ল ১৪জনকৈ ইছলামিক উগ্ৰবাদীক, ক’ত?

বাংলাদেশত ১৪জন ইছলামিক উগ্ৰবাদীক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হয়।

মঙলবাৰে এখন বাংলাদেশৰ আদালতে এই ৰায়প্ৰদান কৰে।

উগ্ৰবাদীকেইজনে ২০০০ চনত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক এখন নিৰ্বাচনী ৰেলীত হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।

ঢাকা স্পীডি ত্ৰায়েল ত্ৰিবুনেল-১য়ে এএই প্ৰদান কৰা এই ৰায়দানত ৯জন অভিযুক্ত উগ্ৰবাদীহে উপস্থিত থাকে।

বাকী পাঁচজন অভিযুক্ত বৰ্তমানলৈকে ধৃত অৱস্থাতে আছে।

ৰায় প্ৰদান কৰি ন্যায়াধীশসকলে কয় যে এইধৰণৰ মৃ্ত্যুদণ্ডৰ উদাহৰণে দেশখনৰ ইছলামিক উগ্ৰবাদক প্ৰশমিত কৰিব পৰা যাব।

উল্লেখযোগ্য যে উগ্ৰবাদীকেইজন নিষিদ্ধঘোষিত সংগঠন হাৰকাটুল জিহাদ বাংলাদেশ (হুজি-বি)ৰ সদস্য আছিল।

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ডৰ ৰায়সমূহ পৰীক্ষা কৰি চোৱাৰ পাছতে শাৰী পাতি তেওঁলোকক ফাঁচী দিয়া হ’ব।

অভিযুক্ত উগ্ৰবাদীকেইজনক তেওঁলোকৰ আৰ্জি দাখিলৰ বাবে অনুমতি প্ৰদান কৰা হৈছে।

আদালতে কয় যে অভিযুক্তকেইজনে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু আৱামী লীগৰ কৰ্মীসকলক হত্যা কৰি দেশখনৰ গণতান্ত্ৰিক চৰকাৰখনক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছিল।

বাংলাদেশৰ মুক্তি যুদ্ধৰ ঘোৰ বিৰোধী এই ইছলামিক উগ্ৰবাদীসকলে ১৯৭১ চনৰ পৰা এনেধৰণৰ ষড়যন্ত্ৰসমূহ হাতত লৈ আহিছে, আদালতে কয়।

উল্লেখযোগ্য যে এই উগ্ৰবাদীসকলেই শ্বেখ হাছিনাৰ পিতৃ তথা বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানক ১৯৭৫ চনত হত্যা কৰিছিল।

অভিযুক্ত উগ্ৰবাদীকেইজনে শ্বেখ হাছিনাক হত্যা কৰিবলৈ ৭৬ কিলোগ্ৰাম উজনৰ উচ্চ ক্ষমতাসম্পন্ন এটা ব’ম্ব মাটিৰ তলত পুতি থৈছিল।

ঘটনাটো সংঘটিত হৈছিল ২০০০ চনৰ জুলাইত, হাছিনাৰ গোপালগঞ্জ জিলাৰ গৃহসমষ্টি কটালিপাৰাত।

উক্ত ঠাইত সেইদিনা তেওঁৰ নিৰ্বাচনী ৰেলীত অংশ লোৱাৰ কথা আছিল।

কিন্তু সুৰক্ষা বাহিনীয়ে তেওঁৰ হেলিকপ্টাৰ মাটিত নমাৰ আগতেই ব’ম্বটোৰ সন্ধান লাভ কৰে।

কিছুদিনৰ পাছতে, কাষতে আৰু এটা ৪০ কিলোগ্ৰামৰ ব’ম্ব লাভ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৭ চনতো দেশখনৰ ১০ জন উগ্ৰবাদীক মৃত্যুদণ্ড বিহা হৈছিল আৰু ৯ জনক বিশ বছৰৰ বাবে কাৰাবন্দী কৰা হৈছিল।