NORTHEAST NOW (Assamese)

মহাৰাষ্ট্ৰৰ গৃহ নিৰ্মাণ মন্ত্ৰীৰ ষ্টাফৰ ১৪ গৰাকী সদস্য ক’ৰ’নাত আক্ৰান্ত

April 14, 2020 8:10 am · এন ই নাও নিউজ
Updated: April 14, 2020 8:13 am

মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী জিতেন্দ্ৰ আৱহাৰৰ ব্যক্তিগত ষ্টাফৰ ১৪ গৰাকী লোকৰ দেহত ক’ৰ’না ভাইৰাছ ধৰা পৰিছে। ১৪ গৰাকীৰ ভিতৰত ৫ গৰাকী আৰক্ষী কনিষ্টবল আৰু বাকী ৯ গৰাকী ঘৰুৱা কৰ্মচাৰী আৰু দলৰ কৰ্মকৰ্তা।

এই ১৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে কেবিনেট মন্ত্ৰী জীতেন্দ্ৰ নিজে কোৱাৰেণ্টাইনত যায়।

সোমবাৰে এন চি পি নেতা জীতেন্দ্ৰই আৱহাৰে জানিবলৈ দি কয় যে তেওঁ এজন এনেকুৱা ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল যিজন পিছত ক’ৰ’নাত পজিটিভ পাইছিল। ইয়াৰ পিছতে তেওঁ কোৱাৰেণ্টাইনত যোৱাৰ কথা ঘোষণা কৰে।

মন্ত্ৰী জীতেন্দ্ৰ থানে জিলাৰ কালৱা-মুম্ৱ্ৰা বিধানসভাক প্ৰতিনিধিত্ব কৰে, আৰু যোৱা কিছুদিনত এই অঞ্চলটোত অধিক হাৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

নিউজ এজেন্সি পি টি আইৰ সূত্ৰই জনোৱা মতে মন্ত্ৰী জীতেন্দ্ৰই কিছুদিন পূৰ্বে এজন আৰক্ষী বিষয়াৰ সম্পৰ্কত আহিছিল, আৰু সেই বিষয়াজন পিছত ক’ৰ’নাত আক্ৰান্ত হয়।

উল্লেখ্য যে ক’ৰ’নাৰ বাবে কোৱাৰেণ্টাইনত যোৱা তেওঁ ৰাজ্যৰ প্ৰথম মন্ত্ৰী। তেওঁ নিজৰ বিধানসভাৰ জনসাধাৰণক নিজৰ নিজৰ ঘৰত থাকি লকডাউন মানি চলিবলৈ আহ্বান জনায়।

Related News