NORTHEAST NOW (Assamese)

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ১৪ হাজাৰৰো অধিক শিক্ষকৰ পদ

September 4, 2018 9:11 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

চৰকাৰে শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা বুলি দাবী কৰি  আহিলেও ৰাজ্যখনত শিক্ষাৰ বাবে যে উপযুক্ত নীতিৰ অভাৱ সেই কথা স্পষ্ট হৈ পৰে ৰাজ্যখনৰ বিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক নোহোৱাৰ কথাটোৱে।

বৰ্তমান ৰাজ্যৰ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত ১৪,৩৮৯টা শিক্ষকৰ পদ খালী হৈ আছে। অলপতে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ত  অনুষ্ঠিত হৈ যোৱা প্ৰকল্প অনুমোদন পৰিষদৰ ২০১৮-১৯’ বৈঠকত এই তথ্য পোহৰলৈ আহিছে।

উক্ত বৈঠকতে ৰাজ্যৰ শিক্ষা বিভাগে জনায় যে শিক্ষাৰ অধিকাৰ আইনৰ নিয়মানুসাৰে ৰাজ্যৰ ২৫ শতাংশ উচ্চ প্ৰাথমিক বিদ্যালয়ত বিষয় শিক্ষক নাই। ইয়াৰ বাবে শিক্ষাদানত বিৰূপ প্ৰভাৱ পৰিছে।

আনহাতে, আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও হ্ৰাল পোৱা নাই। বৈঠকত প্ৰকাশ পোৱা তথ্য অনুসৰি এই সংখ্যা প্ৰাথমিক পৰ্যায়ত ১০.০৮ শতাংশ আৰু মাধ্যমিক পৰ্যায়ত ১৪.৯০ শতাংশ।

উক্ত বৈঠকত ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাথমিক পৰ্যায়ৰ পাঠ্যপুথিসমূহ লিংগ সমতা অনাৰ দিশেৰে পৰ্যালোচনা কৰা হ’ব বুলি নিশ্চিতি প্রদান কৰিছে।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিশেষ সঁহাৰি দিয়া বুলি পূৰ্বৰ শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছিল যদিও ৰাজ্যখনৰ ৰাজহুৱা শিক্ষাখণ্ড যে এক অনিশ্চয়তাৰ দিশে গতি কৰিছে সেয়া স্পষ্ট হৈ পৰিছে।

আনহাতে, বৰ্তমান শিক্ষামন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব বুলি আশা কৰা সকলে এতিয়াও তেওঁৰ পৰা কোনো স্পষ্ট নীতি লাভ কৰা নাই।

Related News