নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ৰ নিশ্চয়তাৰ সন্দৰ্ভত কেন্দ্ৰৰ সৈতে আলোচনা ব্যৰ্থ হোৱাৰ পিছত আজি পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ পৰা প্ৰতিবাদী কৃষকসকলে পুনৰ ‘দিল্লী চালো’ প্ৰতিবাদী সমদল আৰম্ভ কৰিবলৈ সাজু হৈছে।
প্ৰকাশিত খবৰ অনুসৰি পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ শম্ভূত প্ৰায় ১৪ হাজাৰ কৃষক সমবেত হৈছে। কৃষকসকলে দিল্লী অভিমুখে ৰাওনা হোৱাৰ বাবে ১২০০খন ট্ৰেক্টৰ ট্ৰলী, ৩০০খন বাহন আৰু ১০খন মিনি বাছ ব্যৱহাৰ কৰিছে।
ইয়াৰ উপৰিও গৃহ মন্ত্ৰালয়ৰ অনুমান অনুসৰি ধাবি-গুজৰাণ সীমান্তত ৫০০ ট্ৰেক্টৰ লৈ ৪৫০০ প্ৰতিবাদকাৰী সমবেত হৈছে। ইফালে সমদল ৰুধিবলৈ নিৰাপত্তাৰক্ষী বাহিনীয়ে গঢ়ি তোলা বেৰিকেড ভঙাৰ উদ্দেশ্যে প্ৰতিবাদী কৃষকসকলে লগত বুলডজাৰ আৰু অন্যান্য সঁজুলি অনা বুলিও প্ৰকাশ পাইছে।
কৃষকসকলৰ এনে স্থিতিৰ পিছতে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে পঞ্জাৱ চৰকাৰলৈ এখন পত্ৰ যোগে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। কৃষকসকলে দুষ্কৃতিকাৰীৰ ৰূপ লোৱা বুলি উল্লেখ কৰি তেওঁলোকৰ বাবে আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি মন্ত্ৰালয়ে পত্ৰখনত দাবী কৰিছে।
ইফালে আজি পুনৰ কৃষকসকলে সমদল আৰম্ভ কৰাৰ পৰিপেক্ষিতত সষ্টম হৈ উঠিছে নিৰাপত্তা বাহিনী। বিপুল সংখ্যক নিৰাপত্তাৰক্ষী যাত্ৰাপথত মোতায়েন কৰাৰ লগতে পকী বেৰিকেড গঢ়ি তোলা হৈছে। কেৱল সিমানেই নহয়, পথত গজাল পুতিও কেন্দ্ৰই প্ৰতিবাদী কৃষকসকলক বাধা দিয়াৰ চেষ্টা কৰিছে।
প্ৰয়োজন হ’লে বুধবাৰে গাজীপুৰ সীমান্তও বন্ধ হ’ব পাৰে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে। প্ৰশাসনৰ এনে প্ৰস্তুতিৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কিষাণ মজদুৰ মৰ্চাৰ নেতা সৰৱান সিং পান্ধেৰে কৃষকসকলে শান্তিপূৰ্ণভাৱে বিক্ষোভ কৰিব বুলি স্পষ্ট কৰি চৰকাৰক বেৰিকেড আঁতৰাই দিল্লীলৈ নিৰ্বিঘ্নে আগবাঢ়ি যোৱাত অনুমতি দিবলৈ আহ্বান জনায়।
তেওঁ লগতে কৃষকসকলৰ পদযাত্ৰা বন্ধ কৰিবলৈ হাৰিয়ানাৰ গাঁৱে-ভূঞে অৰ্ধসামৰিক জোৱান মোতায়েন কৰা হৈছে বুলিও বিস্ফোৰক অভিযোগ তুলিছে। এনে চৰকাৰক দেশে ক্ষমা নকৰে বুলি উল্লেখ কৰি কৃষক নেতাগৰাকীয়ে লগতে নিৰাপত্তা বাহিনীয়ে কৃষকসকল এইদৰে অত্যাচাৰ কৰিব বুলি কেতিয়াও ভবা নাছিলো বুলি ক্ষোভ প্ৰকাশ কৰে।