মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Assam elephant

অসমৰ পৰা ১৫ টা হাতী মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। প্ৰকাশিত খবৰ অনুসৰি মধ্য প্ৰদেশ বন বিভাগৰ শীৰ্ষ বিষয়াসকলে ইতিমধ্যে এই সন্দৰ্ভত দুবাৰ অসম ভ্ৰমণ কৰিছে।

মধ্য প্ৰদেশৰ এই প্ৰস্তাৱত অসম চৰকাৰে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

মধ্য প্ৰদেশ বন বিভাগৰ বন বিষয়াৰ আন এটা দলে ৰাজ্যখনলৈ স্থানান্তৰ হ’বলগীয়া হাতীকেইটাৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ শীঘ্ৰেই অসম ভ্ৰমণ কৰাৰ কথা আছে।

এই ভ্ৰমণৰ সময়ত তেওঁলোকে হাতী কেইটাৰ আমদানিৰ অন্যান্য আনুষ্ঠানিকতাও সম্পূৰ্ণ কৰিব বুলি মধ্য প্ৰদেশৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন জে এছ চৌহানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

মধ্য প্ৰদেশৰ বাঘ সংৰক্ষিত অঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহত বাঘ নিৰীক্ষণৰ বাবে ২০১২ চনত অসমৰ পৰা মধ্য প্ৰদেশলৈ হাতী আমদানিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

ইয়াৰ পিছতে এতিয়ালৈকে মধ্য প্ৰদেশৰ বন বিষয়াসকলে ৰাজ্যখনলৈ হাতী আমদানিৰ বাবে প্ৰায় ৯ বাৰ অসম ভ্ৰমণ কৰিছে।

এই প্ৰক্ৰিয়াৰ অংশ হিচাপেই এতিয়া অসম চৰকাৰে ১৫ টা হাতী ৰাজ্যখনলৈ প্ৰেৰণ কৰিবলৈ সন্মতি দিছে।