ভয়াৱহ অগ্নিকাণ্ডই ধ্বংসস্তুপত পৰিণত কৰিলে কেফে: ১৫ গৰাকীৰ মৃত্যু, আহত কেইবাগৰাকীও

Fire Breaks Out In Cafe In Russia

ৰাছিয়াৰ কষ্ট্ৰোমাস্থিত এখন কেফেত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত আজি ১৫ গৰাকী লোকৰ মৃত্যু হৈছে। আজি পুৱা কেফেখনত উৎপত্তি হোৱা জুই বিয়পি পৰাৰ পিছতে কেফেখনৰ চাল খহি পৰিছিল।

এই অগ্নিকাণ্ডৰ পিছতে উদ্ধাৰকাৰীসকলে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাই ২৫০ গৰাকী লোকক ঘটনাস্থলীৰ পৰা পাঁচগৰাকী লোক আঘাতপ্ৰাপ্ত হয়।

আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থাত প্ৰকাশিত খবৰ অনুসৰি সুৰাপায়ী এগৰাকী ব্যক্তিয়ে ডান্স ফ্ল’ৰত ফ্লেয়াৰ গান চালনা কৰাৰ পিছতে এই অগ্নিকাণ্ডৰ সৃষ্টি হয়।

ইতিমধ্যে প্ৰদেশখনৰ স্থানীয় আৰক্ষীয়ে এক অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে। ফ্লেয়াৰ গান ব্যৱহাৰ কৰা ব্যক্তিজনৰ সন্ধান চলাই থকা হৈছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰিছে।