NORTHEAST NOW (Assamese)

পুনৰ ১৫১জন কোভিড-১৯পজিটিভ চিনাক্ত; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৩০৯ জনলৈ বৃদ্ধি

June 16, 2020 6:38 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

সোমবাৰে নিশা অসমত আৰু ১৫১জন ব্যক্তিৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

ইয়াৰে সৈতে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৪৩০৯জনলৈ বৃদ্ধি পালে।

অৱশ্যে, এই পজিটিভ চিনাক্ত হোৱাসকল কোন স্থানৰ সেইকথা প্ৰকাশ কৰা হোৱা নাই।

অসমত ২২০৫ জন ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২০৯৩ জন।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে আঠগৰাকী লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

আনহাতে, সোমবাৰে দিনৰ ভাগত ৪০জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

এই পজিটিভ চিনাক্ত হোৱাসকলৰ ভিতৰত আছিল যোৰহাটৰ ৩১জন, ধেমাজিৰ ৩জন, বিশ্বনাথৰ দুজন, ধুবুৰীৰ দুজন আৰু লখিমপুৰ তথা ডিব্ৰুগড়ৰ এজনকৈ লোক।

সোমবাৰৰ দিনটোত মুঠতে ১৯১ জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে।

সেইদৰে, ৰাজ্যখনত দেওবাৰে নিশা ৬৯জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

এই কোভিড-১৯ পজিটিভ চিনাক্ত হোৱা ৬৯জন ব্যক্তিৰ ভিতৰত আছিল নগাঁৱৰ ১৬জন, ধুবুৰীৰ ১৫জন, কামৰূপৰ ১২জন, যোৰহাটৰ ১০জন, ধেমাজিৰ ৬জন, ওদালগুৰিৰ ৪জন, কামৰূপ গ্ৰাম্যৰ ৩জন আৰু বৰপেটাৰ ৩জন লোক।

তদুপৰি, দেওবাৰে দিনৰ ভাগতো ৰাজ্যখনত আন ১০৬জন কোভিড-১৯ পজিটিভ ব্যক্তি চিনাক্ত হৈছিল।

এই চিনাক্ত ব্যক্তিসকলৰ মাজত নগাঁৱৰ ৩২, কামৰূপৰ ২৮, দৰঙৰ ১৩, বৰপেটাৰ দহ, কৰিমগঞ্জৰ তিনি, লখিমপুৰৰ দুই আৰু ধেমাজি আৰু কাছাৰৰ এজনকৈ ব্যক্তি আছিল।

দেওবাৰৰ দিনটোত মুঠতে ২১৮ জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছিল।

Related News