• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১ লাখ ৫১ হাজাৰ কোটি টকাৰ বোজাত বিপৰ্যস্ত অসম! তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব মুখ্যমন্ত্ৰীৰ জন্মদিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2025 12:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। বিজেপি তথা শৰ্মাৰ অনুৰাগীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে উৎসুকতা। তাৰে ভিতৰত অত্যুৎসাহী অন্যতম এজন হিমন্ত বিশ্ব শৰ্মাৰ অন্ধ অনুৰাগী হ’ল গুৱাহাটীৰ নিমাতী কন্যাসদৃশ মেয়ৰ মৃগেন শৰণীয়া।

এইজন মৃগেন শৰণীয়াই যি গতিত হিমন্তবন্দনা আৰম্ভ কৰিছে তাক লৈ একাংশ মহানাগৰিক ক্ষুদ্ধ হৈ পৰিছে। কাৰণ কৰ সংগ্ৰহতেই ব্যস্ত থকা মেয়ৰ মৃগেন শৰণীয়াই চলিত কাৰ্যকালত গুৱাহাটীবাসীক দিয়া প্রতিশ্রুতিসমূহ পালন কৰিব পৰা নাই ৷  গুৱাহাটীবাসীৰ প্ৰধান খোৱা পানীৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে মেয়ৰ শৰণীয়া । জি এছ ৰোডকে আদি কৰি গুৱাহাটীৰ প্ৰায় সকলোবোৰ ৰাস্তা খান্দি দিয়া হৈছে । যাৰ ফলত যাতায়তৰ বাবে গুৱাহাটীৰ বাসিন্দাসকল সমস্যাত ভুগিছে । তাৰ মাজত আছে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা, কিন্তু এই সকলোবোৰ সমস্যালৈ পিঠি দি মুখ্যমন্ত্ৰীৰ স্বজন-তোষণত ব্ৰতী হৈছে মৃগেন।

উল্লেখ্য যে, যিখন অসম মূলুকত ৩ দিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন কৰা হ’ব সেইখন অসমৰ অৰ্থনৈতিক অৱস্থা উদ্বেগজনক। ভাৰতীয় ৰিজার্ভ বেংকৰ প্রতিবেদন অনুসৰি ২০২৩-২৪বর্ষলৈকে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ’ল ১ লাখ ৫০ হেজাৰ ৯০০ কোটি টকা। গতিকে এনে বৃহৎ পৰিমাণৰ ঋণৰ প্রতি লক্ষ্য ৰাখি উক্ত প্রতিবেদনখনত মূলতঃ নগদ ধন বিতৰণ তথা বিনামূলীয়া সামগ্রী বিতৰণৰ আঁচনিবোৰকে দায়বদ্ধ কৰা হৈছিল আৰু এনে অনুৎপাদনমূলক ব্যয় হ্রাস কৰি উৎপাদনমূলক কামত ব্যয় কৰিবলৈ পৰামর্শ দিয়া হৈছিল। একেদৰে অসম চৰকাৰক বাৰম্বাৰ সকীয়াই দিছিল ভাৰতৰ মহাগাণনিকে। কিন্তু অসম চৰকাৰে ৰিজার্ভ বেংক কর্তৃপক্ষ আৰু ‘কেগ’ৰ উদ্বেগক গুৰত্বহীন কৰি একমাত্র ভোটবেংকৰ স্বাৰ্থতে ঋণৰ ধন হিতাধিকাৰী আঁচনিত ব্যয় কৰিবলৈ গৈ প্রতিটো বিত্তীয় বর্ষতে মূলধনী শিতানৰ ব্যয় হ্রাস কৰিছে আনফালে উদযাপন কৰিবলৈ উদ্যত হৈছে জন্মদিন। কিন্তু প্ৰশ্ন হৈছে অসমৰ দৰে ৰাজ্যত এনে ঐশ্বৰ্য শোভা পাইনে? যিখন দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজকে ‘ফকীৰ’ বুলি আখ্যা দিয়ে সেইখন দেশত একেটা ৰাজনৈতিক দলৰ এজন মুখ্যমন্ত্ৰী পৰ্যায়ৰ নেতাৰ বাবে ৩ দিনীয়া জন্মদিন উদযাপন কিমান দূৰ সমীচিন সেই প্ৰশ্ন সাধাৰণ ৰাইজৰ বাবে এৰিলোঁ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd