NORTHEAST NOW (Assamese)

অসমত ১৫৬০ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৭৭ শতাংশলৈ বৃদ্ধি

August 22, 2020 10:46 pm · এন ই নাও নিউজ
Updated: August 22, 2020 10:48 pm
প্ৰতিনিধিত্বমূলক ছবি

১৫৬০গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৬.৭৭ শতাংশলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই হাৰ আছিল ৫.১২ শতাংশ।

যোৱা ২৪ ঘণ্টাত ২৩,০৪০টা ক’ভিড টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৩৫২, যোৰহাটৰ ১৩৭ আৰু কামৰূপৰ ১০৪গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে আৰু সাতগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৩৪লৈ বৃদ্ধি পাইছে।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২৩,৬৩৫লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা হৈছে ৮৯,৪৬৮ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

বিপৰীতে অসমত শুকুৰবাৰলৈকে ৬৫,৫৯৬গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

Related News