NORTHEAST NOW (Assamese)

অসমত আৰু ১৬ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৪৬৯লৈ বৃদ্ধি

September 13, 2020 10:00 pm · এন ই নাও নিউজ
Updated: September 13, 2020 10:01 pm

আৰু ১৬গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৪৬৯লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শনিবাৰলৈকে অসমত ৪৫৩গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,১০,৮৮২গৰাকী ব্যক্তিয়ে অসমত শনিবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত শনিবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৯,১৩৩ (।)

মুঠ ১,৪০,৪৭১গৰাকী ব্যক্তি অসমত শনিবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News