ত্ৰিপুৰাত ক’ৰ’না আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যাই দুশৰ ঘৰ স্পৰ্শ কৰিছে।
দেওবাৰে ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি দেওবাৰৰ দিনটোলৈ ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত হৈ মুঠ ২০০ গৰাকী লোকৰ মৃত্যু হৈছে।
বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ছয় গৰাকী লোকৰ মৃত্যু হোৱাৰ ফলতে ৰাজ্যখনত মৃতকৰ সংখ্যা ১৯৪ গৰাকীৰ পৰা গৈ ২০০ গৰাকী হয়।
৩০ আগষ্টলৈ ত্ৰিপুৰাত মুঠ ১০০ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত মাত্ৰ ১৩ দিনতে ৰাজ্যখনত আৰু ১০০ গৰাকী লোকৰ মৃত্যু হয়।
বিগত ১৪ দিনত ত্ৰিপুৰাত গড়ে সাত গৰাকীকৈ লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।
ত্ৰিপুৰাত মৃত্যুৰ হাৰ এক শতাংশতকৈয়ো অধিক।
ত্ৰিপুৰাত এতিয়ালৈ ১৮৯৩২ গৰাকী লোক ক’ৰ’না প’জিটিভ হোৱাৰ বিপৰীতে বৰ্তমান সময়ত ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত মুঠ ৭১৭১ গৰাকী লোক চিকিৎসাধীন হৈ আছে।
আনহাতে, এতিয়ালৈ ত্ৰিপুৰাত ১১৫৩৬ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।
আজিৰ দিনটোত ৪০৪ গৰাকী লোক সুস্থ হৈ নিজ গৃহলৈ উভতি গৈছে।