NORTHEAST NOW (Assamese)

পাঠশালা : টিউচনৰ পৰা আহি থকা অৱস্থাত গাড়ীৰ খুন্দাত নিহত ১৬ বছৰীয়া কিশোৰ

November 11, 2024 6:45 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 11, 2024 6:00 pm

বজালী জিলাৰ পাঠশালাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। টিউচনৰ পৰা আহি থকা অৱস্থাত গাড়ীৰ খুন্দাত নিহত হৈছে এটি ১৬ বছৰীয়া কিশোৰ।

খবৰ অনুসৰি মৃত কিশোৰজন দেৱৰ্ষী লহকৰ বুলি চিনাক্ত কৰা হৈছে।  

টিউচনৰ পৰা চাইকেলেৰে ঘৰলৈ আজহি থাকোতে তালতাল অঞ্চলৰ সমীপত এ এছ০১ বি- ৪৪৪২ নম্বৰৰ এ এছ০১ বি- ৪৪৪২ নম্বৰৰ এখন হোণ্ডা গাড়ী খুন্দা মাৰে কিশোৰজনক।

জানিব পৰা মতে, কিশোৰজন পাঠশালাৰ খ্ৰীষ্ট জ্যোতি স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

ঘটনাৰ পিছতে ছাত্ৰজনক ততাতৈয়াকৈ পাঠশালা ছহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে পাঠশালাৰ চিকিৎসকে ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। যত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

ইফালে স্থানীয় লোকে অভিযোগ কৰে, যে পাঠশালা ৰাষ্ট্ৰীয় ঘাইপথ যাত্ৰীসকলৰ বাবে মৃত্যুৰ ফান্দত পৰিণত হৈছে। ৰাস্তাৰ শোচনীয় অৱস্থাৰ লগতে তীব্ৰবেগী বাহৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

Related News