মঙলদৈত প্ৰতিশ্ৰুতিৰ বন্যা শিক্ষা মন্ত্ৰীৰ : ৰাজ্যত ৮খন নতুন মহিলা মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা

ফাইল ফটো।

শুকুৰবাৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলদৈৰ মহিলা আৰু শিক্ষাৰ্থীসকলৰ মংগলৰ হকে এলানি আঁচনি প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে।

বিজেপিৰ চৰকাৰত মন্ত্ৰিত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মঙলদৈ ভ্ৰমণ কৰা বিত্ত মন্ত্ৰীজনে ইায়াৰে ভালেকেইটা ৰাজহুৱা  কাৰ্সূচীত অংশগ্ৰহণ কৰে।

১০০ টা আত্মসহায়ক গোটলৈ প্ৰতিটোকে ১০ হাজাৰ টকাকৈ সাহায্যৰ চেক বিতৰণিৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি অহা মাহৰ পৰা কনকলতা মহিলা সবলীকৰণ নামৰ এখন আঁচনি প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে।

মন্ত্ৰীজনে জনোৱা মতে ১ এপ্ৰিলত এই আঁচনিখন উদ্বোধন কৰিব অসমৰ মুখ্য মন্ত্ৰীয়ে। এই আঁচনিৰ অধীনত প্ৰতিটো আত্মসহায়ক গোটক ২৫,০০০ টকাকৈ প্ৰদান কৰা হ’ব আৰু চতুৰ্থ বছৰত এই পৰিমাণ ২ লাখলৈ বৃদ্ধি কৰা হ’ব।

মন্ত্ৰীজনে কয় যে ৰাজ্যত ৮খন নতুন মহিলা মহাবিদ্যালয় খোৱা হ’ব। লগতে প্ৰায় ১ লাখ মেধাৱী ছাত্ৰীলৈ স্কুটি দিয়া হ’ব আৰু অবিবাহিত ছোৱালীলৈ পেন্সন আগ বঢ়োৱা হ’ব।

ইয়াৰ পূৰ্বে মঙলদৈ মহাবিদ্যালয়ত এটা প্ৰশাসনিক ভৱন উদ্বোধন কৰি ৰাজ্যখনৰ শিক্ষা মন্ত্ৰীজনে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাৰ কথা কয়। তেওঁ অহা শিক্ষাবৰ্ষৰ পৰা দুখীয়া ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিক স্তৰতো বিনামূলীয়াকৈ পাঠ্যপুথি দিয়াৰ কথা ঘোষণা কৰে। তেওঁ বিনামূলীয়া নামভৰ্তি আঁচনিখন স্নাতক পৰ্য্যায়ৰ তৃতীয় বৰ্ষলৈকে সম্প্ৰসাৰিত কৰাৰ কথা কয়। লগতে মহাবিদ্যালয়খনৰ চৌহদত নিৰ্মীয়মাণ ছুইমিং পুল আৰু এটা নতুন পুথিভঁৰাল নিৰ্মাণৰ বাবে ২ কোটি টকা অনুদান দিয়াৰ কথা ঘোষণা কৰে।

মন্ত্ৰীজনে মঙলদৈ অসামৰিক চিকিৎসালয়ত এশখন বিছনাযুক্ত প্ৰসূতি আৰু কেঁচুৱাৰ চিকিৎসা গোট (Maternity and Child Health unit) স্থাপন কৰাৰ প্ৰতিশ্ৰুতও দিয়ে।